অসম

assam

Constituency delimitation: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে দিল্লীত সৰৱ অসমৰ একত্ৰিত বিৰোধী; মাত দিলে মুখ্যমন্ত্ৰীয়ে

By

Published : Jul 8, 2023, 8:10 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দিবলৈ দিল্লীত উপস্থিত ৰাজ্য়ৰ ১১ বিৰোধী দলৰ নেতৃত্ব ৷ অৱশ্যে এতিয়ালৈকে নিৰ্বাচন আয়োগে সাক্ষাতৰ বাবে অনুমতি প্ৰদান কৰা নাই আয়োগে ৷ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Constituency delimitation
Constituency delimitation

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে দিল্লীত সৰৱ অসমৰ একত্ৰিত বিৰোধী

গুৱাহাটী, 8 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে দিল্লীত সৰৱ অসমৰ একত্ৰিত বিৰোধী । এফালে নিৰ্বাচন আয়োগে আগতীয়া যোগাযোগ স্বতেও সাক্ষাৎ নিদিয়াৰ বাবে দিল্লীত অসমৰ ১১ বিৰোধী দলৰ আয়োগৰ ওপৰত ক্ষোভ প্ৰকাশ ৷ আনহাতে অসমৰ মুখ্যমন্তীৰ মন্তব্য, ‘‘আগতীয়াকৈ খবৰ নকৰাকৈ গৈছে বিৰোধীসকল ।’’

শুকুৰবাৰে নিৰ্বাচন আয়োগে সাক্ষাৎ নকৰাৰ বাবে দিল্লীৰ আয়োগৰ কাৰ্যালয়ত ধৰ্ণাত বহাৰ পিচত শনিবাৰেও দিল্লীত বাহৰ পাতি থাকে সন্মিলিত বিৰোধীৰ প্ৰতিনিধিৰ দলটো । ৰাষ্টপতিৰ সাক্ষাৎ বিচাৰি দলটোৱে বহুবাৰ যোগাযোগ কৰিছিল ৷ কিন্তু শেষ পৰ্যন্ত ৰাষ্ট্ৰপতিক সাক্ষাতৰ অনুমতি লাভ নকৰিলে অসমৰ বিৰোধীয়ে ৷

নিৰ্বাচন আয়োগৰ ওপৰত খৰ্গহস্ত হৈ পৰা অসমৰ বিৰোধীয়ে শনিবাৰেও দিল্লীত উজাৰিলে ক্ষোভ । সন্মিলিত বিৰোধীৰ নেতাসকলে দিল্লীত শনিবাৰে সম্বোধন কৰিলে এক সংবাদমেল ৷ ক্ষোভ উজাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ , প্ৰদ্যুৎ বৰদলৈ, অজিত ভূঞাকে ধৰি লুৰীণজ্যোতি গগৈ, অখিল গগৈ আদি নেতৃবৰ্গই ৷

APCCৰ সভাপতি ভূপেন বৰাই নিৰ্বাচন আয়োগৰ ওপৰত ক্ষোভ উজাৰি ক’লে, ‘‘নিৰ্বাচন আয়োগে ৰহস্যজনকভাৱে ২০০১ৰ ভোটাৰ তালিকাক লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়িছে৷ এয়া সন্দেহজনক ৷ একাধিকবাৰ যোগাযোগ কৰাৰ পিচতো সময় নিদিলে আয়োগে ৷ আনকি আৰক্ষী লগাই গেটৰ ভিতৰলৈয়ো যাবলৈ নিদিলে ৷’’

সভাপতি বৰাৰ অভিযোগ যে বিজেপিৰ হেঁচাতে এই খচৰাখন প্ৰস্তুত কৰিছে নিৰ্বাচন আয়োগে ৷ উদাহৰণ দিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ কবিতাৰে ৷ আন কোনো দলৰে আৰ্জি বা পৰামৰ্শ মানি নল’লে নিৰ্বাচন আয়োগে কেৱল বিজেপিৰ পৰামৰ্শসমূহহে মানি লৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিলে৷ মুকলিকৈ ক’লে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷

আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ক’লে নিৰ্বাচন আয়োগে বিজেপিৰ পৰামৰ্শমতেই বিৰোধীৰ দলটোক সাক্ষাৎ কৰাৰ পৰা বিৰত থাকে ৷ সাংসদ অজিত ভূঞাই কয় যে ৰাজপথৰ প্ৰতিবাদৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰেও আগবাঢ়ি যাব বিৰোধীৰ সন্মিলিত শক্তি ৷ মুঠতে দিল্লীত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিৰোধীৰ সংকল্প, খচৰা বাতিল কৰিবই লাগিব নিৰ্বাচন আয়োগে ৷

আনহাতে বিৰোধীৰ দিল্লীত নিৰ্বাচন আয়োগৰ বৈঠকক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰীৰ মতে নিৰ্বাচন আয়োগ দিল্লীত আছে নে নাই খবৰ নোলোৱাকৈয়ে দিল্লীলৈ গৈছে বিৰোধীসকল ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে ক’লে,“অহা ২১-২২ জুলাইত অসমলৈ আহিব নিৰ্বাচন আয়োগ । সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক লৈ বিৰোধীয়ে দিব পাৰিব অভিযোগ । পূৰ্বেও নিৰ্বাচন আয়োগে বিৰোধী দলক মাতিছিল পত্ৰযোগে । মই যিমান দূৰ জানো বৰ্তমান বিদেশত আছে নিৰ্বাচন আয়োগৰ ৩জন বিষয়া । বিৰোধীয়ে একো খবৰ নকৰাকৈয়ে দিল্লীলৈ গৈছে । সেয়ে নিৰ্বাচন আয়োগক লগ কৰিব নোৱাৰিলে বিৰোধীয়ে ।”

লগতে পঢ়ক:Road Accident in Assam: বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details