গুৱাহাটী, ১২ ডিচেম্বৰ : লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে সমগ্ৰ দেশৰ লগতে প্ৰস্তুতি তুংগত উঠিছে অসমতো ৷ শাসকীয় দলৰ লগতে বিৰোধী সাংসদে বিগত ৫ টা বছৰে কি কৰিলে সেয়া এতিয়া জনতাৰ বাবে বিশ্লেষণ কৰাৰ সময় ৷
কোন দলৰ সাংসদৰ ৰিপৰ্ট কাৰ্ড কেনে ? সংসদত কোন সাংসদৰ প্ৰদৰ্শন কেনে ? লোকসভা নিৰ্বাচনৰ প্ৰাথমিক বিষয়টোৱেই হ’ল অসমৰ পৰা দক্ষ, সৰৱ আৰু সক্ৰিয় সাংসদ নিৰ্বাচিত কৰি লোকসভাত সজোৰে ৰাজ্যখনৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় পর্যায়ত উপস্থাপন কৰাটো ৷ বিশেষকৈ বিৰোধীয়ে ৷
অসমৰ বিৰোধী দলৰ সাংসদসকলে বিগত ৫ টা বছৰে সংসদত কি প্ৰদৰ্শন দাঙি ধৰিলে ? অসমৰ ১৪ খন আসনৰ ভিতৰত ৯ খন শাসকীয় বিজেপিৰ হাতত ৷ ৫ খন বিৰোধীৰ হাতত । বিৰোধীৰ ৫ খন আসনৰ ভিতৰত ৩ খন কংগ্ৰেছৰ দখলত ৷ আন দুখন ক্ৰমে AIUDFৰ আজমল আৰু আন এখন গণ সুৰক্ষা পৰিষদৰ নৱ শৰণীয়াৰ দখলত । অসমৰ কেইজনমান বিৰোধী দলৰ সাংসদৰ সদনত ভূমিকা সম্পৰ্কে তুলনাত্মক আলোচনা কৰিলেই গম পাব বিৰোধীৰ প্ৰদৰ্শন কেনে ?
গৌৰৱ গগৈ : ৪১ বছৰীয়া গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপ-দলপতি ৷ লোকসভাত নিজৰ বুদ্ধিদীপ্ত প্ৰদৰ্শনেৰে দেশৰেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে ৷
PRS Legislative Research ৰ তথ্য অনুসৰি সংসদত গৌৰৱ গগৈৰ উপস্থিতিৰ হাৰ ৭৫ শতাংশ, সদনৰ ৭১ টা গুৰুত্বপূর্ণ বিতৰ্কত অংশগ্ৰহণ কৰিছে ৷ ২২৪ টা প্ৰশ্ন কৰিছে আৰু ৫ খন Private Members Bill উত্থাপন কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাবে নহয়, নিজৰ প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে উত্তোলন কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈ ।
দিল্লী আৰু নিউয়র্কত উচ্চ শিক্ষা গ্ৰহণ কৰা অধুনালুপ্ত কলিয়াবৰৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ সদনৰ বাহিৰে ভিতৰে পাৰদৰ্শিতাৰে কংগ্ৰেছ দলতো ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থান নিকপকপীয়া কৰিবলৈ সক্ষম হৈছে ৷ তথ্যসমৃদ্ধ ভাষণ, ইংৰাজী আৰু হিন্দী ভাষাৰ ওপৰত থকা দখল তথা শাসকীয় পক্ষক সাহসেৰে যুক্তিৰে সদনত আগবঢ়োৱা সাৱলীল ভাষণৰ বাবে দেশজুৰি গ্ৰহণযোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে ।
প্ৰদ্যুৎ বৰদলৈ : দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা ৬৫ বছৰীয়া প্ৰদ্যুৎ বৰদলৈৰ এইটো সংসদৰ মজিয়াত প্ৰথমটো কাৰ্যকাল ৷ নঁগাৱৰ সাংসদ বৰদলৈৰ সদনত উপস্থিতিৰ হাৰ ৮৩ শতাংশ ৷ সদনৰ ২৮ টা গুৰুত্বপূর্ণ বিষয়ৰ বিতৰ্কত অংশগ্ৰহণ, ২৩৫ টা প্ৰশ্ন উত্থাপন আৰু ৫ খন Private Members Bill উত্থাপন কৰিছে ।
একালৰ কটন কলেজৰ সাধাৰণ সম্পাদক আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সদনত প্ৰদৰ্শন উচ্চ প্ৰশংসনীয় নহ’লেও গুৰুত্বপূৰ্ণ ভালেমান বিষয় দাঙি ধৰিবলৈ সক্ষম হয় ৷
দেশৰ আৰ্থ সামাজিক বহুকেইটা গুৰুত্বপূর্ণ বিষয়সমূহ উত্থাপন কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ ইংৰাজী ভাষাৰ ওপৰত দখল থকা থকা এগৰাকী অভিজ্ঞ ৰাজনীতিক হিচাবে বৰদলৈয়ে সংসদত নিজৰ প্ৰদৰ্শনৰে সবল উপস্থিতি দেখুৱাবলৈ সক্ষম হয় বুলিব পাৰি ৷