বিজেপি চৰকাৰে সেনাবাহিনীক নিৰ্বাচনৰ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে! - গুৱাহাটী প্ৰেছ ক্লাৱ
বিজেপি চৰকাৰে সেনাবাহিনীক নিৰ্বাচনৰ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৰ সদস্যসকলে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ উপৰিও ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত বিজেপি দলৰ নেতা,পালিনেতাই নিৰ্বাচনী বিধি উলংঘা কৰিছে বুলিও মন্তব্য কৰে বিষয়বৱীয়াই
গুৱাহাটী, 3 মে': "নিৰ্বাচনী বিধি উলংঘা কৰা সকলো ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷" এই দাবী অসম নাগৰিক সমাজৰ ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে সংগঠনটোৰ বিষয়বৱীয়াসকলে ৷ লগতে বিজেপি চৰকাৰে সেনাবাহিনীক নিৰ্বাচনৰ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৰ সদস্যসকলে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ উপৰিও ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত বিজেপি দলৰ নেতা,পালিনেতাই নিৰ্বাচনী বিধি উলংঘা কৰিছে বুলিও মন্তব্য কৰে বিষয়বৱীয়াই ৷ তাৰ পাচতো নিৰ্বাচনী আয়োগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলে অসম নাগৰিক সমাজে ৷ আনহাত, সংবাদ মেলত উপস্থিত থাকে অসম নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকা,অজিত ভূঞা,প্ৰশান্ত ৰাজগুৰুকে আদি কৰি বহু কেইগৰাকী বিষয়ববীয়া ৷