গুৱাহাটী, 6 মে’: আহ 8 মে'ত পুৱা 5 বজাৰ পৰা 12 ঘণ্টাৰ অসম বন্ধ'ৰ ঘোষণা কৰিছে অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি( সুৰক্ষা সমিতি)য়ে । বিশ্বনাথ কাণ্ডৰ লগতে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে বিভিন্ন সময়ত কৰি অহা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে অসম বন্ধ'ৰ ঘোষণা কৰিছে অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি( সুৰক্ষা সমিতি)য়ে । আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত অসমৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি( সুৰক্ষা সমিতি)ৰ সভাপতি ৰছুল হক বাহাদুৰে কয় ৰাজ্য চৰকাৰক বিভিন্ন সময়ত শিলাদিত্য দেৱে কৰি থকা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনোৱাৰ পিছতো চৰকাৰখনে শিলাদিত্য দেৱৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
8 মে'ত অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি( সুৰক্ষা সমিতি)ৰ অসম বন্ধ ঘোষণা
8 মে'ত অসম বন্ধ'ৰ ঘোষণা কৰিছে অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি( সুৰক্ষা সমিতি)ৰ । বিশ্বনাথ কাণ্ডৰ বিৰোধিতা কৰি অসম বন্ধৰ ঘোষণা কৰিলে অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি( সুৰক্ষা সমিতি)য়ে ।
8 মে'ত অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি( সুৰক্ষা সমিতি)ৰ অসম বন্ধ ঘোষণা
আৰু পঢ়ক: কদতমতলাত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত
ৰছুল হক বাহাদুৰে কিছুদিন পূৰ্বে বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে মুছলমান মানুহ গাখীৰ নিদিয়া গৰু বুলি কৰা মন্তব্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।