গুৱাহাটী, 10 ডিচেম্বৰ :সুদীৰ্ঘ তিনি দশকৰ পিচত অসম চৰকাৰে প্ৰকাশ কৰি উলিয়ালে অসম আন্দোলনৰ তথ্য সমৃদ্ধ গ্ৰন্থ ‘অসম আন্দোলনৰ তথ্য কোষ’ ৷ খানাপাৰাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ৰ চৌহদত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰিলে অসম আন্দোলনৰ বহু তথ্য সমৃদ্ধ গ্ৰন্থখনি ৷
বৃহস্পতিবাৰে গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, অসম আৰু অসমীয়াৰ বাবে প্ৰাণ বিসৰ্জন দিয়া বীৰ শ্বহীদক প্ৰতিজন অসমীয়াই সুঁৱৰিব ৷ তেওঁলোকৰ আত্মবলিদানে বিশ্ববাসীৰ মাজত অসমীয়াক এক শক্তিশালী জাতি হিচাপে চিনাকি কৰাই দিলে বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে ৷