গুৱাহাটী, 1 অক্টোবৰঃ মহামাৰী কোভিডৰ সময়ত এপ্ৰিল মাহৰ পৰা জুন মাহলৈ ৰাজ্য চৰকাৰে বেচৰকাৰী খণ্ডৰ পৰা অধিক বাহন অধিগ্ৰহণ কৰিছিল। গুৱাহাটী মহানগৰীত ২০০ খন আৰু আন জিলাত ৮০০ খন বাহন অধিগ্ৰহণ কৰিছিল চৰকাৰে ৷ অসমৰ ভিন্ন প্ৰান্তত শিলচৰ, নগাঁও, তেজপুৰ, লখিমপুৰ আদি স্থানলৈ পঠিওৱা হৈছিল এইসমূহ গাড়ী ৷ কিন্তু আজিলৈকে এইসমূহ গাড়ীৰ প্ৰাপ্য ধন নাপালে বাছৰ গৰাকীসকলে ।
বাছৰ গৰাকীক প্ৰবঞ্চনা ৰাজ্য চৰকাৰৰ - Assam motor transport association etv Bharat Assam
প্ৰশাসনৰ লগত কেবাবাৰো যোগাযোগ কৰিও বাছৰ মালিক সন্থাই কোনো উত্তৰ নোপোৱা বুলি জানিবলৈ দিয়ে অসম মটৰ পৰিবহন সন্থাৰ সাধাৰণ সম্পাদকে ।
গুৱাহাটী
লগতে পঢ়কঃছাত্ৰ-ছাত্ৰীৰ নাম তালিকাত ষাঠি বছৰীয়া লোকৰ নাম
প্ৰশাসনৰ লগত কেবাবাৰো যোগাযোগ কৰিও বাছৰ মালিক সন্থাই কোনো উত্তৰ নোপোৱা বুলি জানিবলৈ দিয়ে অসম মটৰ পৰিবহন সন্থাৰ সাধাৰণ সম্পাদকে । অভিযোগ অনুসৰি কেৱল গুৱাহাটী মহানগৰীতে পৰিবহন বিভাগে আদায় দিবলৈ আছে ২ কোটি টকা ৷ আনহাতে সমগ্ৰ অসমত আদায় কৰিবলগীয়া ধনৰ পৰিমাণ ২০ কোটি টকা বুলি জানিবলৈ দিয়ে সন্থাটোৱে ।