কামৰূপ,26 ফেব্ৰুৱাৰীঃ অসমত বিদেশী সমস্যাৰ সমাধান আৰু বিদেশী চিনাক্তকৰণৰ বাবে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সকলৰ ওপৰত জৰীপ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ শাসনাধিস্থ চৰকাৰখনৰ এই সিদ্ধান্তই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বংগমুলীয় মুছলমান সকলৰ মাজত। বুধবাৰে অসম মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকাই অভিযোগ উত্থাপন কৰি কয় যে, এই সিদ্ধান্তৰ জৰিয়তে মিঞাসকলক অসমীয়া মূলসুঁতিৰ পৰা আঁতৰ কৰাৰ ষড়যন্ত্ৰ চলাইছে চৰকাৰে ৷
মিঞা সকলক অসমীয়া মূলসুঁতিৰ পৰা আঁতৰ কৰাৰ ষড়যন্ত্ৰ চলাইছে চৰকাৰে-অসম মিঞা পৰিষদ চৰকাৰৰ সংখ্যালঘু বিভাগৰ নেতা মমিনুল আৱালে গৰিয়া-মৰিয়া-দেশী-জলহা মুছলমান সকলক অসমীয়া বুলি অভিহিত কৰি মিঞাসকলক অসমীয়াসকলৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত থাকে বুলিও অভিযোগ উত্থাপন কৰে অসম মিঞা পৰিষদৰ সভাপতি গৰাকীয়ে ৷
মিঞা সকলক অসমীয়া মূলসুঁতিৰ পৰা আঁতৰ কৰাৰ ষড়যন্ত্ৰ চলাইছে চৰকাৰে-অসম মিঞা পৰিষদ উল্লেখ্য যে, মিঞাসকলৰ ক্ষেত্ৰত সঠিক অৱস্থান গ্ৰহণ কৰাৰ লগতে অসমীয়া জাতিৰ লগতে মিঞাসকলক আগুৱাই নিয়াৰ বাবে পৰিষদে অহা ১২ মাৰ্চত এখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উক্ত সভাত অসমৰ বুদ্ধিজীৱিৰ লগত বিভিন্ন দল-সংগঠনক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে সভাপতি এম জি হাজৰিকাই ৷ আনহাতে, অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত পৰিষদে উচ্চ সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখন মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা কাৰ্যক আদৰণি জনায় অসম মিঞা পৰিষদে ৷ পৰিষদে ইতিহাস সমৃদ্ধ প্ৰতিটো জনগোষ্ঠীকে খিলঞ্জীয়া হিচাপে গ্ৰহণ কৰাৰ সমান্তৰালকৈ মিঞা জনগোষ্ঠীকো খিলঞ্জীয়া হিচাপে সামৰি লোৱাৰ বাবে আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক-কৰ'ণা ভাইৰাছৰ প্ৰভাৱ সৰ্থেবাৰীৰ কাঁহ শিল্পতো