গুৱাহাটী, ৪ জুলাই:‘স্কিল ইণ্ডিয়া’ অভিযানলৈ পূৰ্ণ সমৰ্থন যোগোৱা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি টয়োটা কিৰ্লোস্কাৰ মটৰে [টিকেএম]- টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী [টি-টিইপি] উদ্যোগৰ অধীনত মঙলবাৰে "কাৰিকৰী শিক্ষা আৰু স্বীকৃতিৰ বাবে বৃত্তি কাৰ্যসূচী" [ষ্টাৰ] ঘোষণা কৰে । গুৱাহাটীত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অসম চৰকাৰৰ দক্ষতা বিকাশ তথা নিয়োগ উদ্যোগীকৰণ, জন স্বাস্থ্য অভিযান্ত্ৰিকী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, “টয়োটাই টি-টিইপি কাৰ্যসূচীৰ জৰিয়তে উদ্যোগ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে লোৱা দায়বদ্ধ পদক্ষেপৰ আমি শলাগ লৈছোঁ” ।
তেওঁ লগতে কয়, “টয়োটাৰ সৰ্বোত্তম পদ্ধতি, মূল্যবোধ আৰু অত্যাধুনিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি বা মূল্যৱান ইনছাইট লাভৰ জৰিয়তে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব । দক্ষ লোক কেতিয়াও নিবনুৱা নহয় । দক্ষ ভাৰততেই আমাৰ ভৱিষ্যত নিৰ্ভৰশীল । যুগৰ সৈতে মিলি সংস্থাপনৰ বাট মুকলি কৰিবলৈ দক্ষ হ’ব লাগিব । টয়োটাৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সহযোগিতামূলক প্ৰচেষ্টাই উত্তৰ,পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিশ্বমানৰ কৰ্মশক্তিৰ উপলব্ধতা বৃদ্ধি কৰি নিজৰ কেৰিয়াৰৰ আকাংক্ষা বা সপোনক আগুৱাই নিয়াৰ উপৰিও অটো ছেক্টৰৰ সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব” ৷
টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাৰতৰ মুৰব্বী তথা কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাটিয়ে এই অনুষ্ঠানত কয়-যিসকল ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে দশম শ্ৰেণী সম্পূৰ্ণ কৰিছে, কিন্তু কাৰিকৰী প্ৰতিষ্ঠান(আই টি আই/পলিটেকনিক)ত উচ্চ পঢ়া-শুনা কৰিবৰ সুবিধা পোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । উত্তৰ,পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আজিও অব্যৱহৃত বা সুযোগবিহীন সম্ভাৱনাক এখন মঞ্চ দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ষ্টাৰৰ পদক্ষেপে অৰ্থনৈতিক পটভূমিক প্ৰত্যাহ্বান জনোৱা ক্ষেত্ৰৰ পৰা যোগ্য শিক্ষাৰ্থীসকলক শক্তিশালী হোৱাৰ সুযোগ প্ৰদান কৰিব ।