গুৱাহাটী, ২১ মেঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ এক পত্ৰিকা মঙলবাৰে উন্মোচন কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।
এই অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে গৱেষণা আৰু অধ্যয়নৰ ভিত্তিত প্ৰস্তুত কৰা আইন বিভাগৰ পত্ৰিকাখনৰ দ্বাৰা শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে । বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে সমাজ ব্যৱস্থাক প্ৰতিফলিত কৰিবলৈ আইন ব্যৱস্থাও আগবাঢ়ি যাব লাগিব বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই ।
শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰিকা উন্মোচন লগতে বিশ্ববিদ্যালয়ৰ সকলো বিভাগে গৱেষণাক প্ৰাধান্য দি পাঠদান কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে । ইপিনে এই অনুষ্ঠানতে 'ভিধিজ্যোতি' নামৰ আন এখন পত্ৰিকা উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰি প্ৰসাদ শৰ্মাই । উল্লেখযোগ্য যে এই অনুষ্ঠানত অধ্যাপক ননীগোপাল মহন্ত, যোগেন কলিতা, শুভ্ৰম ৰাজখোৱাকে ধৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।
লগতে আন এটা বাতৰি - "RISAT-2B" উৎক্ষেপণঃ 'কাউণ্টডাউন' আৰম্ভ