গুৱাহাটী, ৯ নৱেম্বৰ: অসমৰ মাদ্ৰাছাসমূহৰ বিতং তথ্যৰ প্ৰথমখন তালিকা ছপা আকাৰে হ’লেও এক ডিচেম্বৰৰ ভিতৰত মাদ্ৰাছাসমূহৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা অভিভাৱক সংগঠনসমূহে মাধ্যমিক শিক্ষাবিভাগত দাখিল কৰিব লাগিব (Assam madrasas to provide teacher details to Government) । তথ্যসমূহ লিখিতভাৱে ‘আপলোড’ কৰাৰ বাবে এটা ‘পৰ্টেল’ প্ৰস্তুতৰ যাৱতীয় কাম-কাজ চলি আছে আৰু অচিৰেই ইয়াক মুকলি কৰা হ'ব ।
আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী মুখ্য কাৰ্যালয়ত অসমৰ মাদ্ৰাছাসমূহৰ অভিভাৱক সংগঠন অল আছাম তানজিম মাদাৰিছ কৌমিয়া, অল আছাম তালিমি তাৰাক্কি বোর্ড, মাদ্ৰাছা এডুকেছন বোর্ড অল হাফিছ (ছালাফি), আদাৰা মাদাৰ্ছি ইছলামিয়া, অল আছাম অহলে ছুন্নট মাদ্ৰাছা এডুকেচন বোৰ্ড আদিৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (DGP met with parents organizations of madrassas)। তাৰোপৰি ৪ ছেপ্টেম্বৰত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ অগ্ৰগতিৰ বিষয়তো বিস্তৃতভাৱে পৰ্য্যালোচনা কৰা হয় (Assam Police Headquarters) ।
উল্লেখ যে অসমৰ কোনো মাদ্ৰাছাত ধর্মীয় শিক্ষাৰ নামত কোনো জেহাদীয়ে যাতে থিতাপি ল'ব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে মাদ্ৰাছাসমূহৰ অভিভাৱক সংগঠনবোৰৰ লগত ৪ ছেপ্টেম্বৰত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এক বৈঠক অনুষ্ঠিত কৰিছিল আৰু বৈঠকত এই দিশত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাই আৰু বিভাগটোৰ অন্যান্য বিষয়া, ‘পৰ্টেল’ প্ৰস্তুতৰ লগত জড়িত ব্যক্তি আদিও উপস্থিত থকা আজিৰ বৈঠকত মাদ্ৰাছাসমূহে কি কি তথ্য দাখিল কৰিব লাগিব সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ।