অসম

assam

By

Published : Nov 30, 2020, 10:46 PM IST

ETV Bharat / state

আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিম ৷ এই মন্তব্য লুৰিণজ্যোতি গগৈৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য প্ৰাক্তন আছু নেতাগৰাকীৰ ৷

assam-lurinjyoti-gogoi-resigns-as-aasu-general-secretary
আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

গুৱাহাটী, 30 নৱেম্বৰ :সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ বিদায় ক্ষণত লুৰিণজ্যোতি গগৈয়ে বজ্ৰকণ্ঠে জাতিৰ হকে কাম কৰি যাব বুলি প্ৰকাশ কৰিলে ৷ লগতে, তেওঁ পুনৰ কয় যে, মই আছুৰ পোছাক খুলিছো যদিওঁ মোৰ আদৰ্শ সদায় একে থাকিব । সদায় জাতিৰ বলিষ্ঠ কণ্ঠ হিচাপে জীয়াই থাকিব বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ৷

লুৰিণজ্যোতি গগৈৰ মন্তব্য

ইফালে, অসম জাতীয় পৰিষদত যোগদানৰ প্ৰসংগত বিশেষ মন্তব্য প্ৰকাশ নকৰিলে যদিও শীঘ্ৰেই ৰাইজৰ আগত সকলো কথা স্পষ্টকৈ জনাব বুলি মন্তব্য প্ৰদান কৰিলে লুৰিনজ্যোতি গগৈয়ে ।

লগতে পঢ়ক :স্থাপন হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা

ABOUT THE AUTHOR

...view details