ৰঙাপৰা,30মাৰ্চঃ ৰঙাপৰা পৌৰসভা আৰু অগ্নি আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ বিষয়া-কৰ্মচাৰীসকলে তৎপৰতা গ্ৰহণ কৰি সতৰ্কতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে । শোণিতপুৰ জিলাৰ ৰঙাপৰা পৌৰসভা আৰু অগ্নি আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যৌথ ভাৱে চহৰখনৰ বিভিন্ন ঠাইত পৰ্যায়ক্ৰমে ছেনিটাইজকৰণ কৰে।
গুৱাহাটী,30 মাৰ্চঃচৌদিশে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আতংকৰ মাজতো সংবাদকৰ্মীসকলে নিজ কৰ্তব্য পালন কৰি বাতৰি সংগ্ৰহ কৰি আহিছে । এই সময়ত সাংবাদিক সকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উঠিছে । চৰকাৰেও সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা ল'ব পৰা নাই । তাৰ মাজতে মহানগৰীৰ লংকেশ্বৰৰ প্ৰশান্ত তালুকদাৰ নামৰ যুৱ সমাজসেৱী এগৰাকী আগবাঢ়ি আহিছে সাংবাদিক সকলৰ ওচৰলৈ । দক্ষিণ কামৰূপৰ ইলেকট্ৰ'নিক আৰু ছপা মাধ্যমৰ সাংবাদিক সকলৰ উমৈহতীয়া সংগঠন ই পি মিডিয়া ফ'ৰাম নামৰ সংগঠনটোৰ উদ্যোগত সংবাদসেৱীসকলৰ মাজত বিতৰণ কৰে বিভিন্ন চিকিৎসা সুৰক্ষা সামগ্ৰী । বাতৰি সংগ্ৰহৰ বাবে বিভিন্ন ঠাইত বিভিন্ন মানুহৰ মাজত ঘূৰি ফুৰা সংবাদকৰ্মী সকলক ছেনিটাইজাৰ বটল , মাক্স , হেণ্ড গ্ল'ভছ, হেণ্ড ৱাচ ইত্যাদি সামগ্ৰী বিতৰণ কৰে প্ৰশান্ত তালুকদাৰে । ২৬ গৰাকী সাংবাদিক আৰু সংবাদকৰ্মীক চিকিৎসা সামগ্ৰী দিয়া হয় ।