গুৱাহাটী,24 এপ্ৰিল: জৰুৰীকালীন সেৱাত নিয়োজিত হোৱাৰ লগতে কৰণা' যুদ্ধত অন্যতম প্ৰহৰী হিচাপে কাম কৰি আছে বাতৰি কাকতৰ হ'কাৰ সমূহে । লক ডাউনৰ সময়ত সাধাৰন জনতা গৃহতে থকাৰ সময়ত এই বাতৰি কাকতৰ হ'কাৰ সমূহে নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি ৰাতিপুৱাই ঘৰে ঘৰে গৈ বিতৰন কৰে বাতৰি কাকত । যাতে সাধাৰন জনতাই ঘৰতে থাকি লাভ কৰিব পাৰে দেশ বিদেশৰ লগতে ৰাজ্যৰ খবৰ । এই হ'কাৰ সকলো সামাজিক জীৱনৰ লগত জড়িত যদিও তেঁওলোকৰ নাই চৰকাৰী কোনো ধৰণৰ সা-সুবিধা । সেয়েহে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই সমষ্টিটোৰ অন্তৰ্গত হ'কাৰ সমুহলৈ আগবঢ়াই সামান্য পৰিমাণৰ আৰ্থিক সাহাৰ্য্য ।
লক ডাউন 2.0ঃ দশমটো দিনত ক’ত কি ঘটিল ৰাজ্যত? - অসম লক ডাউন
MOTHER OLD AGE HOME RELIEFE
20:57 April 24
হ'কাৰলৈ বিধায়ক সত্যব্ৰত কলিতা আৰ্থিক সাহাৰ্য্য প্ৰদান
20:56 April 24
লকডাউন শিথিল নোহোৱা পৰ্যন্ত ভাগৱত পাঠ ধেমাজিৰ সোণাৰাম কোঁচৰ
ধেমাজি , ২৩ এপ্ৰিল : কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধ আৰু সজাগতাৰ বাবে দেশজুৰি অব্যাহত আছে লক ডাউন । লক ডাউন মানি চলিবলৈ প্ৰশাসনে বাৰাম্বাৰ কৈ অহাৰ পিছতো একাংশ লোকে অকাৰণতে লক ডাউন উলংঘা কৰি আহিছে । পিছে জীৱনৰ অন্তিম বেলাত ধেমাজিৰ এগৰাকী নব্বৈ উৰ্ধ ককাই চৰকাৰৰ এই লগ ডাউন নিজে সম্পূৰ্ণ মানি চলিছে আৰু জনসাধাৰণৰকো এই মহামাৰীৰ বিৰুদ্ধে যুজঁ দিবলৈ আহ্বান জনাইছে । গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ ধেমাজিৰ ভৰালী চুক গাঁৱৰ বাসিন্দা সোণাৰাম কোঁচ নামৰ এগৰাকী বৃদ্ধই দেশত লক ডাউন প্ৰৱৰ্তন হোৱা পিছদিনাৰে পৰা ঘৰতে অকলে আৰম্ভ কৰিছে ভাগৱত পাঠ ৷ লকডাউন শিথিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব তেওঁৰ ভাগৱত পাঠ ৷ ইয়াৰ।জৰিয়তে মহামাৰীৰ হকে যুজঁ দিয়া প্ৰতিজন ব্যক্তি আৰু দেশৰ।প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীৰ সুস্বাস্থ্য কামনা কৰে ৷
20:56 April 24
গুৱাহাটীত চি আৰ পি এফৰ 128 বেটেলিয়ানৰ খাদ্য বিতৰণ
গুৱাহাটী,24 এপ্ৰিল: গুৱাহাটীৰ বি জি য়াৰ্ডত থকা তথা লক ডাউনৰ ফলত খাদ্যৰ সমস্যাত পৰা বহু পৰিয়ালক খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে চি আৰ পি এফৰ 128 বেটেলিয়ানে ৷ বেটেলিয়ানৰ অধিনায়ক সুৰজিৎ কুমাৰ অত্রিৰ নেতৃত্বত এটা দলে শুকুৰবাৰে বিজি য়াৰ্ডত উপস্থিত হৈ শ্ৰমিকৰ পৰিয়ালৰ মাজত চাউল, দাইল, আটা, মিঠাতেল, আলু, মাস্ক, চেনিটাইজাৰ আদিকে ধৰি ৰান্ধি অনা খিছাৰী বিতৰণ কৰে। অনাগত দিনত এনেদৰে আন আন ঠাই সমূহতো খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি সুৰজিৎ কুমাৰ অত্রিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে
20:55 April 24
খাদ্য সামগ্ৰী বিতৰণৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থা
শদিয়া,24 এপ্ৰিল: কৰ'না ভাইৰাছৰ মাৰাত্মক ৰূপ লোৱাৰ পৰিপেক্ষিতত দেশত দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময় ছোৱাত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থা ৷ শুকুৰবাৰে কাকপথাৰৰ টঙনাত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ কাকপথাৰৰ বহুকেইটা দল সংগঠন, সামাজিক ব্যক্তিয়ে গঢ়ি তোলা কাকপথাৰ সাৰ্হায্য সমাজ নামৰ অনুষ্ঠানটোৰ উদ্যোগত শতাধিক দৰিদ্ৰলোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা অনুষ্ঠানটোত লুৰিণজ্যোতি গগৈয়ে ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয়ৰ মাচুল একমাহৰ বাবে আধা অংশ ৰেহাইৰ বাবে দিয়া নিৰ্দেশক আদৰণি জনোৱাৰ সমান্তৰালভাবে সম্পুৰ্ণ ৰেহাই দিবলৈও দাবী জনায় ৷ লগতে উক্ত অনুষ্ঠানটোত উপলস্থিত থকা সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে পেট্ৰল, ডিজেল দাম বৃদ্ধি কৰি বিত্তীয় সংকট মোকাবিলা কৰাৰ বিষয়টো ৰাজ্য চৰকাৰক পুনৰ চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায় ৷ দৰিদ্ৰক খাদ্য সামগ্ৰী বিতৰণ কৰা অনুষ্ঠানত আছু, যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলনকে ধৰি উপস্থিত থাকে বহুকেইটা সংগঠনৰ বিষয়ববীয়া ৷
20:54 April 24
লক ডাউনৰ মাজতে গোলকগঞ্জত চোৰৰ লুটপাত
গোলকগঞ্জ,24 এপ্ৰিল: লক ডাউনৰ মাজতেই বৃহস্পতিবাৰে নিশা গোলকগঞ্জ বজাৰত সংঘটিত হয় চুৰি কাণ্ড ৷ গোলকগঞ্জৰ ৰনজিত কৰ্মকাৰৰ "মা কালি" ফটো ষ্টুডিঅ'ৰ বেৰ ভাঙি চোৰে লৈ যায় এটা লেপটপ,ডিভিডি সহ সহ বহু সামগ্ৰী ৷ লগতে বজাৰ খনৰ তপন সাহা ৰ লাইব্ৰেৰীৰ বেৰ কাটি চোৰে চলাই লুটপাত ৷ শুকুৰবাৰে পুৱা ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
20:54 April 24
আইন হাফলঙত আইন উলংঘন একাংশৰ
ডিমা হাছাও,24 এপ্ৰিল: কৰ'ণা মহামাৰীৰ বাবে লক ডাউন অব্যাহত থকাৰ সময়তে আইন হাফলঙত আইন উলংঘন একাংশৰ ৷ বৃহস্পতিবাৰে এনে আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হল হাফলং আৰক্ষী ৷ আইন উলংঘাকাৰীৰ বাহন জব্দ কৰাৰ লগতে 15 গৰাকীক আটক কৰে আৰক্ষীয়ে ৷ বিনা কামত ৰাজপথলৈ ওলাই নাহিবলৈ জিলাবাসীক আহ্বান জনায় জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই ৷
20:43 April 24
কপিকুলক খাদ্য বিতৰণ গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ
গোলকগঞ্জ,24 এপ্ৰিল: দেশজুৰি অব্যাহত থকা লক ডাউন বাবে মানৱ সমাজৰ লগতে খাদ্য সংকটত পৰিছে অন্যান্য জীৱ-জন্তু ৷ দোকান-পোহাৰ, হোটেল ৰেষ্টুৰেন্ট বন্ধ হৈ পৰাৰ বাবে খাদ্যৰ সংকটত পৰিছে পথৰ কাষৰ কুকুৰৰ লগতে অন্যান্য জীৱ ৷ সমান্তৰালকৈ এতিয়া খাদ্য সংকটত পৰিছে গোলকগঞ্জৰ বগৰীবাৰীৰ বিভিন্ন মন্দিৰৰ আশে পাশে ভক্তপ্ৰাণ ৰাইজে দিয়া খাদ্য খাই জীয়াই থকা কপিকুল ৷ এই খবৰ লাভ কৰি কপিকুলৰ বাবে এসপ্তাহৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী সহ শুকুৰবাৰে বগৰীবাৰী আৰু স্নানঘাটত উপস্থিত হয় গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ ৷ ভোকাতুৰ কপিকুলক নিজ হাতে খাদ্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷
20:42 April 24
নলবাৰীৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ দৰিদ্ৰ পৰিয়ালক সাহাৰ্য
নলবাৰী, 24 এপ্ৰিল: লক ডাউনৰ বাবে খাদ্যৰ সমস্যাত ভোগা নলবাৰী জিলাৰ ৬২টা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াললৈ সহায়ৰ হাত শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰীৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ ৷ অগ্ৰণী শিক্ষানুষ্ঠান খনৰ পৰা বিদ্যা লাভ কৰি গৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ উমৈহতীয়া এই মঞ্চখনে এই পৰ্যন্ত সহায় আগবঢ়াইছে টিহু ৰাজহ চক্ৰৰ বকুৱাজাৰী গাঁৱৰ ৮ টা, বানেকুছি ৰাজহ চক্ৰৰ ১৩টা আৰু নলবাৰী ৰাজহ চক্ৰৰ ১৪টা পৰিয়াললৈ । ইয়াৰ উপৰিও বিভিন্ন প্ৰয়োজনীয় খাদ্য সামগ্ৰী যেনে মচুৰ দাইল, আটা, মিঠাতেল, চিৰা, চয়াবিন, আলু, পিঁয়াজ, চাহপাত, চেনী, বিস্কুট, চাবোন আদি যোগান ধৰাৰ লগতে প্ৰতিটো টোপোলাতে "ঘৰত থাকক, নিৰোগী হৈ থাকক" শিৰোনামেৰে একোখনকৈ সজাগতা পত্ৰও প্ৰদান কৰে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে নিকেতনখনৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ নলবাৰী বিধানসভা সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰদান কৰা হৈছিল 50 হাজাৰ টকা ৷
20:41 April 24
কাকপথাৰ দুখন গাৱঁৰ খেতিয়ক ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ
শদিয়া,24 এপ্ৰিল: লক ডাউনৰ বাবে ৰাজ্যজুৰি শ শ পৰিয়ালৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ সময়তে কাকপথাৰ দুখন গাৱঁৰ খেতিয়ক ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ ৷ খাদ্য সংকটত পৰা পৰিয়াল সমুহক এসাঁজ অন্ন প্ৰদান কৰাৰ উদ্দেশ্যে চেঙেলিজান মাজগাঁও আৰু চেঙেলিজান গাৱঁৰ ৰাইজে ঘৰে ঘৰে চাউলৰ লগতে কিছু ধন সংগ্ৰহ কৰি প্ৰদান কৰে কাকপথাৰ প্ৰেছ ক্লাবক ৷ চেঙেলিজান মাজ গাৱঁৰ ৰাইজে সৰ্বমুঠ 250 কেজি চাউল, 25 কেজি দাইল, 57 কেজি আলু, 70 কেজি নিমখ আৰু চাবুন 80 পিচ চাবোন প্ৰদান কৰাৰ সমান্তৰালভাবে চেঙেলিজান গাৱঁৰ ৰাইজে প্ৰদান কৰে 100 কেজি চাউল ৷ এই সংকট কালত গাঁও দুখনৰ খেতিয়ক ৰাইজৰ পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ৷
20:40 April 24
চিৰাঙৰ বাসুগাঁৱৰ দাউশ্ৰী গেছ এজেন্সিত লক ডাউন উলংঘা ৰাইজৰ
চিৰাং,24 এপ্ৰিল: লক ডাউন অব্যাহত থকাৰ মাজতে চিৰাঙৰ বাসুগাঁৱৰ দাউশ্ৰী গেছ এজেন্সিত লক ডাউন উলংঘা কৰি ৰাইজৰ ভিৰ ৷ শুকুৰবাৰে পুৱাৰে পৰা ৰাইজৰ ভিৰ পৰিলক্ষিত হয় গেছ এজেন্সিটোত ৷ ঘটনাস্থলীত বাসুগাঁও থানাৰ আৰক্ষীয়ে আহি সামাজিক দুৰত্ব বজাই চলিবলৈ কোৱাৰ পিচতো কোনো প্ৰভাৱ নপৰিল ৰাইজৰ মাজত ৷ জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰাৰ পিছতো একেই অৱস্থাই পৰিলক্ষিত হল গেছ এজেন্সিটোত ৷
17:42 April 24
সাংবাদিকক মাস্ক আৰু চেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াই
মংগলদৈ,24 এপ্ৰিল: কৰ'ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তো নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰাইজৰ বাবে কাম কৰি যোৱা মংগলদৈৰ সাংবাদিক সকলক মাস্ক আৰু চেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াৰ ৷ মংগলদৈ চহৰৰ গাওঁবুঢ়াপাৰাস্থিত নিজা বাসভৱনত সাংবাদিক সকলক মাস্ক বিতৰণ কৰাৰ পাছতে এখন সংবাদ মেলৰ আয়োজন কৰে সাংসদ গৰাকীয়ে ৷ সংবাদ মেলৰ জৰিয়তে এই অভাৱনীয় পৰিস্থিতিত ৰাইজৰ বাবে সেৱা আগবঢ়াই যোৱা প্ৰতি গৰাকী কৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰে সাংসদ দিলীপ শইকীয়াই ৷ ইয়াৰ উপৰিও লক ডাউনৰ সময়ছোৱাত ঘৰতে সোমাই থাকিবলৈ ৰাইজলৈ অনুৰোধ জনাই সাংসদ গৰকীয়ে ৷ উল্লেখ্য যে উক্ত সংবাদ মেলত উপস্থিত থাকে মংগলদৈৰ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস,ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া, দৰং বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা ৷
17:39 April 24
সৰুপথাৰত আৰ্তজনৰ কাষত আছু কৰ্মী
সৰুপথাৰ, 24 এপ্ৰিল: লক ডাউনৰ বাবে,ৰাজ্যৰ আন জিলাৰ লগতে গোলাঘাট জিলাতো হাহাকাৰ পৰিস্থিতি বহু পৰিয়ালৰ মাজত ৷ কিন্তু ইমানৰ পাছতো চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ তুলিছে গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ পশ্চিম বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰপাভজান গাঁৱৰ প্ৰায় 20 টা পৰিয়ালে ৷ আনহাতে আছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি আৰম্ভ কৰা "জনতা সাহাৰ্য" শীৰ্ষক 10 দিনীয়া সাহাৰ্য কাৰ্যসূচীৰ অধীনত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই উক্ত পৰিয়াল কেইটাক প্ৰদান কৰা হয় খাদ্যসামগ্ৰী ৷
14:05 April 24
পাঠশালাত আবদ্ধ হৈ পৰা ধুবুৰীৰ শ্ৰমিকক কেন্দুগুৰি ইউনাইটেড ক্লাৱৰ সাহাৰ্য
পাঠশালা, 24 এপ্ৰিলঃপাঠশালাৰ সাদেৰীত লক ডাউনৰ বাবে আবদ্ধ হৈ পৰিছিল ধুবুৰীৰ পৰা কাম কৰিবলৈ অহা 13 জনকৈ শ্ৰমিক ৷ কিন্তু কাম কাজ নোহোৱাৰ ফলত খাদ্যৰ অভাৱত পৰাৰ লগতে আশ্ৰয়হীন হৈ পৰে শ্ৰমিক কেইজন ৷ বৃহস্পতিবাৰে ধুবুৰীলৈ খোজকাঢ়ি যাবলৈ ওলোৱা শ্ৰমিক কেইজনক পাঠশালাৰ কেন্দুগুৰিত স্থানীয় লোকে সন্দেহবশত আগভেটি ধৰে ৷ ইয়াৰ পিছতেই কেন্দুগুৰি ইউনাইটেড ক্লাৱৰ কেইগৰাকীমান সদস্যই তেওঁলোকক খাদ্যৰ যোগান ধৰে আৰু প্ৰশাসনক খবৰ দি যুৱক কেইজনক সহায়ৰ প্ৰচেষ্টা চলায় ৷
12:32 April 24
মহানগৰীৰ বৃদ্ধাবাসত থকা আইতা সকলৰ কাষত থিয় দিলে পুলকেশ ৰায়মেধিয়ে
গুৱাহাটী,24 এপ্ৰিলঃগুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত মাদাৰ বৃদ্ধাবাসত থকা আইতা সকলৰ কাষত থিয় দিলে পুলকেশ ৰায়মেধি নামৰ এজন লোকে ৷ ব্যক্তি গৰাকীয়ে বৃদ্ধাবাসটোৰ আবাসী সকলক মাংসৰ বাবে কুকুৰা আৰু কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷ ইয়াৰ উপৰিও অঞ্চলটোৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালক সামগ্ৰী যোগান ধৰি আহিছে পুলকেশ ৰায়মেধিয়ে ৷