অসম

assam

ETV Bharat / state

Satyapal Malik statement : সত্যপাল মালিকৰ মন্তব্য সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ নীৰৱ ভূমিকাক সমালোচনা বিৰোধী দলপতিৰ - Satyapal Malik statement

সত্যপাল মালিকৰ অভিযোগ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দলপতিগৰাকীয়ে (Reaction of opposition leader on satyapal malik) ৷

Reaction of opposition leader
চৰকাৰক সমালোচনা বিৰোধী দলপতিৰ

By

Published : Apr 18, 2023, 5:01 PM IST

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 18 এপ্ৰিল :জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ বিজেপি নেতা সত্যপাল মালিকৰ এক সাক্ষাৎকাৰে বৰ্তমান দেশৰ ৰাজনীতিত সৃষ্টি কৰিছে জোকাৰণিৰ ৷ শাসকীয় বিজেপি দলৰ বিৰুদ্ধে বহু গোপন তথ্য ৰাজহুৱা হৈ পৰিছে উক্ত ভিডিঅ’টোৰ দ্বাৰা ৷ সাক্ষাৎকাৰটো সন্দৰ্ভত আজি সৰৱ হ’ব ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া (Debabrata Saikia on satyapal malik) ৷

সাক্ষাৎকাৰটোত প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ বিজেপি নেতা সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে । বিশেষকৈ 2019 চনৰ পুলৱামাত হোৱা আতংকবাদী আক্ৰমণ, অনুচ্ছেদ ৩৫০ উঠোৱাৰ সময়ত চৰকাৰৰ ভূমিকাকে ধৰি কেইবাটাও গুৰুতৰ বিষয়ত ৰউত্থাপন কৰিছে বিস্ফোৰক অভিযোগ । এই সন্দৰ্ভত অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সত্যপাল মালিকৰ পূৰ্বে ৰাহুল গান্ধীয়ে 2019 চনতে পুলৱামা ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰিছিল (Pulwama attack Satyapal Malik) ।

কিন্তু বিষয়টো কংগ্ৰেছৰ নেতাই উত্থাপন কৰা বাবে কোনেও গুৰুত্ব দিয়া নাছিল । কিন্তু এতিয়া এজন অকংগ্ৰেছী নেতা তথা জ্যেষ্ঠ বিজেপি নেতা সত্যপাল মালিকে ভাৰত চৰকাৰৰ অমনোযোগিতাৰ বাবেই পুলৱামাত 40 জন চি আৰ পি এফৰ জোৱানৰ বোমা বিস্ফোৰণত মৃত্যু ঘটে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে । চৰকাৰৰ গাফিলতিৰ বাবেই ঘটনাটো সংঘটিত হৈছিল বুলিও কয় মালিকে । এই ঘটনাটোৰ কিছুদিন পাছতে দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল (Satyapal Malik interview)।

সেই নিৰ্বাচনত জয়ী হৈ বিজেপি দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিছিল । ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৰাজনৈতিক স্বাৰ্থত দেশৰ জোৱানসকলক শ্বহীদ কৰা হ'ল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বিজেপিয়ে পাকিস্তানলৈ আঙুলি তুলি সমগ্ৰ ঘটনাটো সংঘটিত কৰি পুনৰ শাসনলৈ আহিল । দেশৰ নিৰাপত্তা বাহিনীক বন্ধকত থৈ বিজেপি শাসনলৈ অহাটো অতি দুৰ্ভাগ্যজনক বুলিও কয় ৰাজ্যৰ বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

সত্যপাল মালিকে সত্য কথা কোৱা বাবেই তেওঁক কেন্দ্ৰীয় চৰকাৰে ৰাজ্যপাল হিচাপে জম্মু-কাশ্মীৰৰ পৰা গোৱালৈ আৰু গোৱাৰ পৰা মেঘালয়লৈ বদলি কৰিছিল বুলিও কয় দেৱব্ৰত শইকীয়াই । সত্যপাল মালিকে বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্রীৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়াৰ পাছতো নৰেন্দ্ৰ মোদী কিয় নীৰৱ হৈ আছে বুলি বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভূমিকাক সন্দেহৰ দৃষ্টিৰে চায় (Governor satyapal malik) ।

লগতে পঢ়ক :Congress MLA Slams Assam CM; মুখ্যমন্ত্ৰীৰ কৰ্মকাণ্ডই অৱনমিত কৰিছে ৰাজ্যখনৰ ভাৱমূৰ্তি : কমলাক্ষ দে’ পুৰকায়স্থ

ABOUT THE AUTHOR

...view details