গুৱাহাটী, 22 ডিচেম্বৰ :ৰাজ্যৰ কৃষক সমাজক প্ৰতাৰণা কৰাৰ অভিযান অব্যাহত আছে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ কাৰ্য কালতো । ৰাজ্য খনৰ ধান খেতিয়কৰ পৰা চৰকাৰীভাৱে ধান ক্ৰয়ৰ অভিযান এইবাৰো ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পিছত হতাশাত ভুগিছে প্ৰতিগৰাকী খেতিয়কে । আজি অসম বিধান সভাৰ মজিয়াত বিধায়ক মনোৰঞ্জন তালুকদাৰে সোধা এক প্ৰশ্ন ৰ উত্তৰ দিবলৈ গৈ কৃষি মন্ত্ৰী অতুল বৰাই কৰা কেতবোৰ মন্তব্যই পৰিস্থিতি উদঙাই দিছে ।
অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশন (Winter session of Assam Assembly 2021)ৰ আজি অৰ্থাৎ বুধবাৰে তৃতীয় দিনা ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই দিয়া উত্তৰে চৰকাৰখনৰ কৃষক বিৰোধী ছবিখনকে পুনৰবাৰ স্পষ্ট কৰিছে । আজি সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন কৰা হৈছে ধান ক্ৰয় কেন্দ্ৰ ।
এফ চি আই, এন চি চি এফ, কৃষি বিপণন পৰিষদে (Assam State Agricultural Marketing Board ) ৰাজ্যত উৎপাদিত ধান ক্ৰয় কৰিব ৷ তেওঁৰ মতে, ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজন ধান কল আৰু গুদামৰ । ধান-কল আৰু গুদামৰ অভাৱত বহু সমষ্টিত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিব পৰা নাই বুলিও তেওঁ সদনত উল্লেখ কৰে ।
এফ চি আইৰ ধান ক্ৰয়ৰ প্ৰসংগক লৈ চি পি আই এম বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী বৰাই (Agriculture minister Atul bora) একপ্ৰকাৰ গা এৰা দিয়া উত্তৰ দি কয়, অসমৰ ধানত বৰ্তমান সময়ত আদ্ৰতা বেচি থকা বাবেই কেন্দ্ৰীয় সংস্থাটোৱে অসমৰ কৃষকৰ ধান কিনিবলৈ অপৰাগতা প্ৰকাশ কৰিছে । তালুকদাৰে বিজেপি চৰকাৰৰ আগৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰে অসমৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই ৷
লগতে কয় যে চৰকাৰৰ প্ৰক্ৰিয়াগত বিলম্বৰ বাবে কৃষকে উৎপাদিত ধানৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আছে ৷ তেওঁ লগতে কয় যে, যদিও চৰকাৰে প্ৰতিখন জিলাতেই ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল এতিয়াও বহু জিলাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন হোৱা নাই । এতিয়া ডিচেম্ৱৰ মাহ আৰু ইতিমধ্যেই কৃষকৰ ধান মধ্যভোগীৰ হাতলৈ গৈছে আৰু এতিয়া যদিও চৰকাৰে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰে তেন্তে কৃষকৰ সলনি মধ্য়ভোগীয়েহে সুবিধা ল’ব পাৰিব ।