অসম

assam

By

Published : Jun 1, 2021, 8:04 PM IST

ETV Bharat / state

অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৩.৯০ শতাংশলৈ হ্ৰাস

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৪,৩৪৮ গৰাকী লোক কৰ'ণাত (Covid 19) আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৫ গৰাকীৰ মৃত্যু হৈছে । গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভিৰ মনছুৰ ক'ভিডত (Covid 19) আক্ৰান্ত । আক্ৰান্তৰ ক্ষেত্রত কামৰূপ মহানগৰ জিলাক পিছ পেলালে কাছাৰ আৰু তিনিচুকীয়া জিলাই ।

Assam latest covid report
বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৪,৩৪৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

গুৱাহাটী, ১ জুন: ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাব ধৰিছে ক'ভিড (Covid 19)ত আক্ৰান্তৰ হাৰ । বিগত ২৪ ঘণ্টাত ১,১১,৫৮৬ গৰাকী লোকৰ ক'ভিড (Covid 19) পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৪,৩৪৮ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ৩.৯০ শতাংশলৈ হ্ৰাস পাইছে । আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৫ গৰাকী লোকৰ ।

লক্ষণীয় বিষয় যে, ৰাজ্যৰ ভিতৰতে আক্ৰান্তৰ হাৰ সদায়ে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক আছিল । কিন্তু এতিয়া কামৰূপ মহানগৰ জিলাক পিছ পেলালে কাছাৰ আৰু তিনিচুকীয়া জিলাই । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ৩৮৪ গৰাকী লোক ক'ভিডত (Covid 19) আক্ৰান্ত হোৱাৰ বিপৰীতে কাছাৰত সৰ্বাধিক ৪৬৭ গৰাকী আৰু তিনিচুকীয়াত ৪৪৫ গৰাকী লোক আক্ৰান্ত হৈছে ।

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৪,৩৪৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

গুৱাহাটীত কেইদিনমান পূৰ্বে দৈনিক ১৫০০ৰ পৰা ১৬০০ লোক আক্ৰান্ত হৈছিল মহামাৰীত । এতিয়া সেই সংখ্যা হ্ৰাস পাই ৩৮৪ গৰাকী হৈছে । গুৱাহাটী মহানগৰীৰ বিপৰীতে এতিয়া অন্য জিলাত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে । ইফালে, গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভিৰ মনছুৰ ক'ভিডত আক্ৰান্ত হৈছে । জানিব পৰা মতে, তেওঁৰ পৰিয়ালৰ আন সদস্যও কৰ'ণাত আক্ৰান্ত হৈছে ।

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৪,৩৪৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ৬৫ গৰাকী লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১০ গৰাকী লোকৰ মৃত্যু হৈছে । তদুপৰি, কামৰূপ গ্ৰাম্যৰ ৯ গৰাকী, যোৰহাটৰ ৭ গৰাকী, শিৱসাগৰৰ ৫ গৰাকী, কাছাৰ-দৰং-ডিব্ৰুগড়ৰ ৪ গৰাকীকৈ, বঙাইগাঁও-গোলাঘাট-মৰিগাঁৱৰ ৩ গাৰকীকৈ, বৰপেটা-হোজাই-নলবাৰী-শোণিতপুৰ-ওদালগুৰিৰ দুজনকৈ আৰু বাক্সা-ধুবুৰী-নগাঁৱৰ এজনকৈ লোকৰ মৃত্যু হৈছে ।

বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৪,৩৪৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

সেইদৰে বিগত ২৪ ঘণ্টাত ক'ভিডৰ (Covid 19) পৰা আৰোগ্য লাভ কৰিছে ৫,০৩৭ গৰাকী লোকে । বৰ্তমান ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৫১,৬৯৪ গৰাকী । আনহাতে, এতিয়ালৈকে ক'ভিডত ৰাজ্যৰ ৩,৩৬৫ গৰাকী লোকে প্ৰাণ হেৰুৱালে ।

শ্বাহ মহম্মদ তনভিৰ মনছুৰ ক'ভিডত আক্ৰান্ত

ৰাজ্যত ক'ভিডত মৃত্যু হোৱাৰ হাৰ ০.৮২ শতাংশ । সেইদৰে আৰোগ্যৰ হাৰ ৮৬.২৮ শতাংশ । উল্লেখ্য যে, এতিয়ালৈকে ৰাজ্যৰ ৪১,৩৫,৭০৭ গৰাকী লোকে ক'ভিড প্ৰতিষেধক লাভ কৰিছে আৰু ইয়াৰে ৩৩,০২,৬৩৯ গৰাকী লোকে প্ৰথম পালি আৰু ৮,৩৩,০৬৮ গৰাকী লোকে দ্বিতীয় পালি লাভ কৰিছে ।

লগতে পঢ়ক:নলবাৰীত মেডিকেল কলেজৰ নিৰ্মাণকাৰ্যৰ বুজ ল'লে জয়ন্ত মল্ল বৰুৱাই

ABOUT THE AUTHOR

...view details