অসম

assam

By

Published : May 11, 2021, 3:48 PM IST

ETV Bharat / state

ক'ভিড-১৯: ৰাজ্যত ২৪ ঘণ্টাত ৭৭ জনৰ মৃত্যু, ৫,৮০৩ গৰাকী আক্ৰান্ত

ৰাজ্যৰ ক'ভিড পৰিস্থিতি অধিক জটিল হৈ পৰিছে । বিগত ১০ দিনত কৰ'ণাৰ বাবে প্ৰাণ গ'ল ৰাজ্যৰ ৪৪৬ গৰাকী লোকৰ । মাত্ৰ এটা দিনত অসমত ৭৭ জনৰ মৃত্যু ।

Assam latest covid report
মাত্ৰ এটা দিনত অসমত ৫,৮০৩ গৰাকী কৰ'ণাত আক্ৰান্ত

গুৱাহাটী,১১ মে': দিনকদিনে অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি । মিনি লক ডাউনেও ৰুধিব পৰা নাই ক'ভিডৰ সংক্ৰমণ । নিতৌ অভিলেখসংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা । বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ ৭৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মহামাৰীত আক্ৰান্ত হৈছে ৫,৮০৩ গৰাকী । ৰাজ্যত এতিয়ালৈকে আক্ৰান্ত আৰু মৃতকৰ এই সংখ্যা সৰ্বাধিক ।

আনহাতে, বিগত ২৪ ঘন্টাত কৰ'ণা আক্ৰান্তৰ হাৰ হৈছে ৮.০৪ শতাংশ । অৰ্থাৎ ক'ভিড পৰীক্ষা কৰা ১০০ জন লোকৰ ভিতৰত ৮ জনৰ দেহত পোৱা গৈছে ক'ভিডৰ উপস্থিতি । বিগত পহিলা মে'ৰ পৰা ১০ মে'লৈ দহ দিনত ক'ভিডত আক্ৰান্ত হৈ ৰাজ্যৰ ৪৪৬ গৰাকী লোকে প্ৰাণ হেৰুৱালে ।

মাত্ৰ এটা দিনত অসমত ৫,৮০৩ গৰাকী কৰ'ণাত আক্ৰান্ত

ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত ব্যাপক তথা ভয়াৱহ হাৰত কৰ'ণাৰ সংক্ৰমণ হৈছে । বিগত দহ দিনত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৪,২৩৫ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ আক্ৰান্ত হোৱা ৫,৮০৩ গৰাকীৰ ভিতৰত ১,৪৮১ গৰাকী কামৰূপ মহানগৰ জিলাৰ । ইফালে, ৪৮৬ গৰাকী কামৰূপ গ্ৰাম্য জিলাৰ, ৩৯২ গৰাকী ডিব্ৰুগড় জিলাৰ আৰু ২৭৫ গৰাকী নগাঁও জিলাৰ । আনহাতে, মৃত্যু হোৱা ৭৭ গৰাকীৰ ভিতৰত ৩০ গৰাকী লোক কেৱল কামৰূপ মহানগৰ জিলাৰ ।

সেইদৰে কৰ'ণাত কামৰূপ(গ্ৰাম্য) ত ১০ জন, ডিব্ৰুগড়ত ১০ জন, বঙাইগাঁৱত ৪ জন, গোলঘাটত ৩ জন, নগাঁৱত ৩ জন, নলবাৰীত ৩ জন, শিৱসাগৰত ৩ জন, হোজাইত ২ জন, তিনিচুকীয়ত ২ জন, ওদালগুৰিত ২ জন, দৰং জিলাত ১ জন, ধুবুৰীত ১ জন, যোৰহাটত ১ জন, শোণিতপুৰত ১ জন আৰু কৰিমগঞ্জত ১ জনৰ মৃত্যু হৈছে ।

মাত্ৰ এটা দিনত অসমত ৫,৮০৩ গৰাকী কৰ'ণাত আক্ৰান্ত

উল্লেখ্য যে, বৰ্তমান ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৭,৫০০ গৰাকী । আনহাতে, অসমত এতিয়ালৈকে ক'ভিডত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ২,৯৮,১৭১ গৰাকী । ইয়াৰে ২,৫৭,৫৭১ গৰাকী ৰোগী সুস্থ হৈছে ।

ইফালে, ৰাজ্যখনত ক'ভিড আক্রান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১,৭৫৩ লৈ বৃদ্ধি পাইছে । বিগত ২৪ ঘণ্টাত মুঠ ৭৭,১৯৭ জন লোকৰ ক'ভিড পৰীক্ষা কৰোৱা হৈছিল ।

মাত্ৰ এটা দিনত অসমত ৫,৮০৩ গৰাকী কৰ'ণাত আক্ৰান্ত

এই ভয়াৱহ সংক্ৰমণৰ মাজতে এটা ভাল খবৰ যে, যোৱা ২৪ ঘণ্টাত কৰ'ণাৰ মহামাৰীৰে যুঁজি আৰোগ্য হৈছে ৪,২৩১ গৰাকী লোক । ইয়াকে লৈ ৰাজ্যখনত ক'ভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ৮৬.৩৮ শতাংশ হৈছে ।

ইফালে, এতিয়ালৈকে ৰাজ্যৰ ৩১,১৬,৩৩২ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ২৪,৩০,৮৪৩ গৰাকীক প্ৰথম পালি আৰু ৬,৮৫,৪৮৯ গৰাকীক প্ৰতিষেধকৰ দ্বিতীয় পালি প্ৰদান কৰা হৈছে । উল্লেখ্য যে, ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নৱনিযুক্ত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থাৱলী হাতত লোৱাৰ ইংগিত দিছে ।

মাত্ৰ এটা দিনত অসমত ৫,৮০৩ গৰাকী কৰ'ণাত আক্ৰান্ত
লগতে পঢ়ক: কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ, ব্যৱসায়ী আটক

ABOUT THE AUTHOR

...view details