গুৱাহাটী, 15 নৱেম্বৰ:"অচিন কাঠৰ থোৰা নলগাবা" শীৰ্ষকঅসমীয়াত এষাৰ জনপ্ৰিয় ফকৰা যোজনা আছে ৷ অচিন কাঠ যিকোনো সময়তে ভাগি যোৱাৰ সম্ভাৱনা ৷ চিনাকি কাঠৰ থোৰাহে কামত লগোৱা উচিত বুলি জ্যেষ্ঠজনে কয় । একেদৰে যি মানুহৰ পৰিচয়, স্বভাৱ-চৰিত্ৰ জনা নাযায় তেনে লোকৰ পৰা বিপদত পৰাৰ আশংকা থাকে, সেয়ে তেনে অপৰিচিত লোকৰ সৈতে কোনো কাম বা সম্পৰ্ক ৰক্ষা কৰা উচিত নহয় । ইয়ে আমাক বিপদৰ ওচৰ চপায় নিয়ে ৷
সদৃশ ঘটনা সংঘটিত হৈছে অসমৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ সৈতে ৷ দুদিন পূৰ্বে চিনাকি হোৱা সম্পৰ্কৰ প্ৰতি অধিক বিশ্বাসী হৈ বিদেশত বন্দী হ’বলগীয়া হ’ল অসমৰ বক্সাৰগৰাকী । জানিব পৰা মতে, নাইজেৰিয়াত দুৰ্বৃত্তই পণবন্দী কৰি ৰাখিছে বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াক । 28 অক্টোবৰত নাইজেৰিয়ালৈ ফুৰিবলৈ গৈছিল খেলুৱৈগৰাকী ৷
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, গুৱাহাটী কাহিলীপাৰাৰ ওদালবাক্ৰাৰ বিকাশ নগৰৰ বৰ্ণালীৰ প্ৰায় 6 মাহ গুৱাহাটীত চিনা-পৰিচয় ঘটিছিল নাইজেৰিয়ান যুৱক কিঙৰ সৈতে ৷ বৰ্ণালীৰ স্বামী নয়ন শইকীয়াৰ যোগেদি । সেই সূত্ৰে বৰ্ণালীৰ পৰিয়ালৰ লগত ঘনিষ্ঠতা বাঢ়ে বিদেশী বন্ধুৰ । সেই সূত্ৰে পৰ্যটন ভিছা লৈ নাইজেৰিয়ালৈ ফুৰিবলৈ গৈছিল বৰ্ণালী ।