দুৰ্বৃত্তৰ কবলৰ পৰা বাচি আহিল বৰ্ণালী গুৱাহাটী, 18 নৱেম্বৰ :ভাৰত পালেহি নাইজেৰিয়াত আৱদ্ধ হৈ থকা বক্সাৰ বৰ্ণালী বৰা শইকীয়া ৷ শনিবাৰৰ পুৱা প্ৰায় তিনি বজাত মুম্বাইত উপস্থিত হয় বক্সাৰ বৰ্ণালী বৰা শইকীয়া । দুই এদিনত অসমত উপস্থিত হ’ব বৰ্ণালী ।
শাৰিৰীক অসুস্থতাৰ বাবে বৰ্ণালী আৰু স্বামী বৰ্তমান মুম্বাইতে আছে । ভাৰতত উপস্থিত হৈ ভিডিঅ’ যোগে সংবাদ মাধ্যম আৰু বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জনায় বৰ্ণালী বৰা শইকীয়াই ৷
উল্লেখ্য যে, ২৮ অক্টোবৰত নাইজেৰিয়ালৈ ফুৰিব গৈছিল বৰ্ণালী ৷ স্বামীৰ জৰিয়তে চিনাকি হোৱা বিদেশী বন্ধুক বিশ্বাস কৰিয়েই নাইজেৰিয়া ভ্ৰমণলৈ ওলাই গৈছিল বৰ্ণালী ৷ নাইজেৰিয়াত গৈ পণবন্দী হৈ পৰে দুৰ্বৃত্তৰ হাতত ৷ ভাগি পৰে বৰ্ণালী ৷ তালৈ গৈ প্ৰথমাৱস্থাত বৰ্ণালীয়ে পৰিয়ালৰে সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাছিল ৷ তিনিদিনৰ পিচতহে হোৱাটছএপত সমস্ত ঘটনাৰ শিহৰণকাৰী বিৱৰণ পঠিয়াই দিয়ে ৷
উল্লেখযোগ্য যে, প্ৰায় ছমাহ পূৰ্বে নাইজেৰিয়াৰ কিঙৰ সৈতে চিনাকি হৈছিল বৰ্ণালীৰ ৷ সেই কিং নামৰ বন্ধুৰূপী দুৰ্বৃত্তই বিমানবন্দৰত লগ কৰি ভিছা-পাচপোৰ্ট কাঢ়ি বিদেশী ৰাষ্ট্ৰখনত পণবন্দী কৰি ৰাখিছিল বৰ্ণালীক । শেহতীয়াকৈ জানিব পৰা মতে, প্ৰায় ২০ দিন আৱদ্ধ কৰি বৰ্ণালীৰ ওপৰত মানসিক নিৰ্যাতন চলোৱাৰ লগতে স্বামী নয়ন শইকীয়াইক ধন দাবী কৰিছিল কিঙে । ঘটনা সন্দৰ্ভত বৰ্ণালীৰ পুত্ৰ আৰু কন্যাই ১৩ নৱেম্বৰত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল ।
বৰ্ণালীৰ সৈতে যোগাযোগ কৰিব নোৱাৰি ভাঙি পৰিছিল স্বামী তথা দুই সন্তান ৷ দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চক বিষয়টো লিখিত অভিযোগৰূপে দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালে । শেহতীয়াকৈ বৰ্ণালীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত সকলোকে ধন্যবাদ জনোৱাৰ লগতে জানিবলৈ দিয়ে যে বৰ্তমানে তেওঁ শাৰিৰীকভাৱে অসুস্থ আৰু দুই এদিনতে অসমলৈ আহিব তেওঁ ৷
লগতে পঢ়ক :Assamese lady held hostage In Nigeria : বিদেশ ভ্ৰমণেই কাল হ’ল অসমৰ এইগৰাকী মহিলাৰ !