অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত '2020 EE 30' সন্মানৰে সন্মানিত অসম সন্তান - মৃদুল বৰা হৈছে প্ৰথম গৰাকী অসমীয়া

মালিগাঁৱৰ মৃদুল বৰালৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় সন্মান ৷ নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বন নামৰ এটা সংস্থাটোৰ পৰা আগবঢ়োৱা হৈছে এই সন্মান ৷ শেহতীয়াকৈ ঘোষিত হোৱা '2020 EE 30' ৰ বাবে নিৰ্বাচিত হৈছে মৃদুল বৰা নামৰ যুৱকজন ।

Assam lad among 30 awardees of North American Association for Environmental Education
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত '2020 EE 30' সন্মানৰে সন্মানিত অসম সন্তান

By

Published : Sep 13, 2020, 10:12 PM IST

গুৱাহাটী, 13 ছেপ্তেম্বৰ : প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবেই মহানগৰীৰ মালিগাঁৱৰ মৃদুল বৰালৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় সন্মান ৷ নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বন নামৰ এটা সংস্থাটোৰ পৰা আগবঢ়োৱা হৈছে এই সন্মান ৷ শেহতীয়াকৈ ঘোষিত হোৱা '2020 EE 30' ৰ বাবে নিৰ্বাচিত হৈছে মৃদুল বৰা নামৰ যুৱকজন ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত '2020 EE 30' সন্মানৰে সন্মানিত অসম সন্তান

উল্লেখ্য যে, প্ৰতিবছৰে দেশৰ 30 গৰাকীকৈ 30 অনুৰ্ধৰ পৰিৱেশ কৰ্মীক প্ৰদান কৰা হয় এই সন্মান । বিগত কেইবা বছৰ ধৰি প্ৰকৃতি সংৰক্ষণৰ অৰ্থে বিভিন্ন সজাগতামূলক কামকাজ কৰি আহিছে মৃদুল বৰাই । বিশেষকৈ নাহৰফুটুকী আৰু মানুহৰ সংঘাত ৰোধ কৰা, হাতী-মানুহৰ সংঘাত, বান্দৰ-মানুহৰ সংঘাত আদি ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ হকে নানা পদক্ষেপ হাতত লৈ আহিছে যুৱকজনে । যাৰবাবে তেখেতে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত '2020 EE 30' সন্মানৰে সন্মানিত অসম সন্তান

উল্লেখ্য যে, মৃদুল বৰা হৈছে প্ৰথম গৰাকী অসমীয়া যিয়ে নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বন নামৰ সংস্থাটোৱে প্ৰদান কৰা এই সন্মানৰ বাবে নিৰ্বাচিত হৈছে । ভাৰতৰ মুঠ 3 গৰাকী যুৱ পৰিৱেশ কৰ্মীয়ে এই সন্মান পাবলৈ সক্ষম হৈছে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত '2020 EE 30' সন্মানৰে সন্মানিত অসম সন্তান

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ কৰ্মীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই সন্মান প্ৰদান কৰি আহিছে নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বননামৰ সংস্থাটোৱে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত '2020 EE 30' সন্মানৰে সন্মানিত অসম সন্তান

লগতে পঢ়ক :অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন

ABOUT THE AUTHOR

...view details