অসম

assam

By

Published : Jun 11, 2021, 7:19 PM IST

ETV Bharat / state

ইঞ্জিনিয়াৰিঙ আৰু মেডিকেল পৰীক্ষাৰ পৰা বঞ্চিত হ'ব নেকি অসমৰ ছাত্ৰ-ছাত্ৰী ?

ক'ভিডসৃষ্ট পৰিস্থিতিয়ে অনিশ্চয়তাত ইঞ্জিনিয়াৰিঙ আৰু মেডিকেল প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা নোহোৱাৰ ফলত ইঞ্জিনিয়াৰিঙ আৰু মেডিকেল প্ৰৱেশিকা পৰীক্ষা অৱতীৰ্ণ হ'ব পাৰিব নে নোৱাৰিব তাক লৈ বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷

assam jee and neet aspirants in uncertainty
ইঞ্জিনিয়াৰিঙ আৰু মেডিকেল পৰীক্ষাৰ পৰা বঞ্চিত হ'ব নেকি অসমৰ ছাত্ৰ-ছাত্ৰী

নিউজ ডেস্ক, 11 জুন: ক'ভিডৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা পৰিস্থিতিয়ে স্বাভাৱিক জীৱন ব্যাহত কৰি তোলাৰ লগতে শিক্ষাৰ্থী তথা অভিভাৱকসকলকো যথেষ্ট চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে৷ মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ দুই মূল পৰীক্ষা - হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বৰ্তমানলৈ কোনো ষ্পষ্ট তাৰিখ ঘোষণা নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ ভিতৰত বিশেষকৈ ইঞ্জিনিয়াৰিঙ আৰু মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰী সকল চিন্তিত হৈ পৰিছে ৷

9 জুন তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে এক জাননী জাৰি কৰি জুলাই-আগষ্ট মাহৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে ৷ ইয়াৰ পাচতে ইঞ্জিনিয়াৰিঙ আৰু মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকল আকাংক্ষিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব নে নোৱাৰিব তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷ কিয়নো, প্ৰাপ্ত তথ্য অনুসৰি, 2021 ৰ JEE Main, NEET UG 2021 আৰু CUCET (Central University Common Entrance Test) 2021 ৰ পৰীক্ষাৰ তাৰিখ আগন্তুক দুই সপ্তাহৰ ভিতৰত ঘোষণা কৰা হ'ব ৷ 2021 ৰ 12 মাৰ্চত এক নিৰ্দেশনা জাৰি কৰি NTA এ এই কথা ঘোষণা কৰিছিল যে, NEET UG 2021 ৰ পৰীক্ষা 1 আগষ্টত কলম আৰু কাগজৰ মাধ্যমত অনুষ্ঠিত হ'ব ৷ অৱশ্যে পৰীক্ষাৰ বাবে পঞ্জীয়ন এতিয়াও আৰম্ভ হোৱা নাই ৷ কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে NTA এ JEE Main 2021 পৰীক্ষা মুঠ 4 টা ভাগ(session)ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ চেশ্যন(session) ৰ পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈছে ৷ কিন্তু এপ্ৰিল আৰু মে' ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা ক'ভিডৰ বাবে পিছুৱাই দিবলগীয়া হ'ল ৷

লগতে পঢ়ক:আগষ্টত অনুষ্ঠিত হ’ব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

লক্ষণীয়ভাৱে, NTA এ ঘোষণা কৰা অনুসৰি যদি 1 আগষ্টত NEET UG 2021 ৰ পৰীক্ষা অনুষ্ঠিত হয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰাৰ দৰে জুলাই-আগষ্ট মাহৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হয়, তেন্তে অসমৰ ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হোৱাৰ আশংকাই অধিক৷

অৱশ্যে NEET আৰু JEE অৱতীৰ্ণ হ'বৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে টুইটযোগে সদৰী কৰিছে ৷ সকলো দিশ বিবেচনা কৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত লোৱা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটযোগে সদৰী কৰিছে ৷ টুইটযোগে ডাঃ পেগুৱে এইবুলি কয়, " We are aware about all aspects including NEET and JEE, 2021. Decision will be taken soon taking into consideration all relevant issues."

উল্লেখ্য যে, 2020 ত অসমৰ পৰা JEE (main) ৰ বাবে নাম পঞ্জীয়ন কৰা পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 12,803 আৰু NEET(UG) ৰ বাবে পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল 30,311 গৰাকী ৷ অৱশ্যে ক'ভিডৰ সংক্ৰমণে JEE (main) পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছিল ৷ চেপ্তেম্বৰ মাহত অসমৰ মুঠ ছটা কেন্দ্ৰত অনুষ্ঠিত হোৱা JEE (Main) পৰীক্ষাৰ প্ৰথমটো দিনত মাত্ৰ 50% ছাত্ৰ-ছাত্ৰীৰহে উপস্থিতি দেখিবলৈ পোৱা গৈছিল ৷

লগতে পঢ়ক:অনলাইনযোগে ব্যৱহাৰিক-আভ্যন্তৰীণ মূল্যায়ন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ CBSEৰ

ABOUT THE AUTHOR

...view details