গুৱাহাটী, ২৮ নৱেম্বৰ : ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ খুলিবলৈ আৰম্ভ কৰাৰ সময়তে মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ দুগৰাকী শিক্ষক আক্ৰান্ত হৈছে ক'ভিড-১৯(covid-19)ত । যাৰ বাবে ২৯ নৱেম্বৰ ৰ পৰা ৪ ডিচেম্বৰলৈ ৬ দিনৰ বাবে বিদ্যালয়খন বন্ধ ৰাখিবলৈ বাধ্য হয় বিদ্যালয় কৰ্তৃপক্ষই (Assam Jatiya Vidyalay Closed for 6 Days) ।
দেওবাৰে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে প্ৰেছ বিবৃতিৰ যোগে (Assam Jatiya Vidyalay pricipal pressmeet) ক'ভিড সংক্ৰমণৰ ৰোধ(Preventing covid 19 infection) বাবে বিদ্যালয়খন বন্ধ কৰাৰ কৰাৰ কথা ঘোষণা কৰে । মন কৰিবলগীয়া যে, অসম জাতীয় বিদ্যালয়ত যোৱা ২৬ নৱেম্বৰ আৰু ২৭ নৱেম্বৰ তাৰিখে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰী আৰু কিছুসংখ্যক শিক্ষাৰ্থীক ক'ভিড পৰীক্ষা(RTPCR in Assam Jatiya Vidyalay) কৰোৱা হৈছিল ।