অসম

assam

ETV Bharat / state

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি - 6 জনগোষ্ঠীক জনজাতিকৰণ

বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাথো দহ দিন বাকী থকাৰ মাজতে অসম জাতীয় পৰিষদে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ আৰু জাতীয় দৃষ্টিপত্ৰ ৷ অসম চুক্তি ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধান তথা 6 জনগোষ্ঠীক জনজাতিকৰণৰ লগতে দলটোৱে বহুকেইটা প্ৰতিশ্ৰুতি ইস্তাহাৰখনত উল্লেখ কৰে ৷

assam jatiya parishad published its election menifesto
অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

By

Published : Mar 18, 2021, 9:46 PM IST

গুৱাহাটী,18 মাৰ্চ:21 ৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাথো দহ দিন বাকী ৷ তাৰ মাজতে বৃহস্পতিবাৰে জাতীয়তাবাদী আঞ্চলিক দল অসম জাতীয় পৰিষদে বৃহস্পতিবাৰে দলটোৰ মুখ্য কাৰ্যালয়ত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ আৰু জাতীয় দৃষ্টিপত্ৰ প্ৰকাশ কৰে ৷ 'জাতীয় দৃষ্টিপত্ৰ' ৰ উন্মোচনত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচাৰ্য ৷

অসম জাতীয় পৰিষদে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ আৰু জাতীয় দৃষ্টিপত্ৰ

নিৰ্বাচনী ইস্তাহাৰত দলটোৱে অসম চুক্তি ৰূপায়ণ, কৃষি, স্বাস্থ্য, শিক্ষা আদি বিষয়ক গুৰুত্ব দিয়াৰ লগতে বিদেশী সমস্যা সমাধান, 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে, প্ৰতিজন নিবনুৱাক 5 ৰ পৰা 10 হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে দলটোৱে বছৰি এক লাখ নিবনুৱাৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি দলটোৱে শিক্ষা ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ কথা উল্লেখ কৰে আৰু লগতে উচ্চতৰ মাধ্যমিকৰ পৰা গৱেষণা পৰ্যায়লৈ শিক্ষাৰ্থীক উন্নত মানৰ জলপানি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইস্তাহাৰত দলটোৱে অসমৰ জলবায়ু সংৰক্ষণৰ পৰিকল্পনাৰ কথা উল্লেখ কৰাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক গুৰুত্ব আৰোপ কৰি ডিজিটেল অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে পঢ়ক:গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল, কোনে দাখিল কৰিলে মনোনয়ন ?

ABOUT THE AUTHOR

...view details