এপেক্স বেংক কেলেংকাৰীৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী অ জা পৰ গুৱাহাটী, 19 অক্টোবৰ: এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে অসম জাতীয় পৰিষদ চমুকৈ অসম জাতীয় পৰিষদে । এই সন্দৰ্ভত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, বেংকত জমা হৈ থকা ধনখিনি জমাকাৰী গ্ৰাহকসকলৰ ধন । এই ধনখিনি ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰ বা বিজেপি দলৰ কোনো অধিকাৰ নাই ৷
বিজেপিৰ নেতাসকলে নিজৰ ব্যক্তিগত বা তেওঁলোকৰ ঘনিষ্ঠ ব্যক্তিৰ আৰ্থিক লাভালাভৰ প্ৰয়োজনত এই ধন ব্যৱহাৰ কৰিব নোৱাৰে । তেওঁলোকে কয় যে, বেংক জালিয়াতিৰে ঘনিষ্ঠ মানুহৰ আৰ্থিক লাভালাভ কৰোৱাৰ বিষয়ত বিজেপি দল সিদ্ধহস্ত । মোদী চৰকাৰৰ পৃষ্ঠপোষকতাত বিজেপি নেতাসকলৰ একাংশ ঘনিষ্ঠ ব্যক্তিয়ে 12 লাখ কোটি টকা জালিয়তিৰে বিভিন্ন বেংকৰ পৰা সৰকাই দেশ এৰি পলায়ন কৰিছে ।
অসমত বিজেপিৰ বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীকে ধৰি কেইবাগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে বেংক জালিয়তিৰ অভিযোগ আছে । শেহতীয়াকৈ বিধায়ক বিশ্বজিৎ ফুকনৰ নাম এই তালিকাত যোগ হৈছে । গতিকে এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে উক্ত বেংক জালিয়তি ঘটনাৰ সৈতে জড়িত আটাইকেইজন অপৰাধীক চিনাক্ত কৰি আদালতৰ কাঠগৰাত থিয় কৰাব লাগে ৷
ইফালে দলৰ নেতাদ্বয়ৰ স্থিতিৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰি দলটোৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে এপেক্স বেংকত সংঘটিত হোৱা কেলেংকাৰীৰ বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে, বেংকটোৰ বৰ্তমানৰ অধ্যক্ষ বিশ্বজিৎ ফুকন সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ । ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নিজে বেংকটোৰ অধ্যক্ষ আছিল ।
কেলেংকাৰীটোৰ প্ৰসংগত তেওঁ কয় যে, বেংকটোত শেহতীয়াকৈ সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ সৈতে বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ নাম সাঙোৰ খাইছে । অধ্যক্ষ ফুকনৰ জ্ঞাতসাৰে আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি ৰাজেশ বাজাজে অবৈধ উপায়েৰে বেংকটোৰ পৰা 20 কোটি 30 লাখ টকা উলিয়াই লৈ যায় ৷
‘‘তেওঁ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত নুমলীগড়ৰ বাসিন্দা । বাজাজ সাৰদা কেলেংকাৰীৰ এগৰাকী অন্যতম প্ৰধান অভিযুক্ত ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে ৰাজেশ বাজাজৰ সম্পৰ্ক বহু পুৰণি । ৰাজেশ বাজাজৰ নৰ্থ ইষ্ট প্লেণ্টেচনচ এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড (North East Plantations & Commercial Pvt Ltd)য়ে এপেক্স বেংকৰ পৰা 5 এপ্ৰিলৰ পৰা 20 জুনৰ ভিতৰত মুঠ 20 কোটি 30 লাখ টকা উঠাই লৈ যায় । ৰাজেশ বাজাজৰ কোম্পানীয়ে এপেক্স বেংকৰ পৰা অবৈধ ব্যৱস্থাৰে উক্ত টকাখিনি উলিয়াই লৈ যায় ।’’ এই অভিযোগ ৰহমানৰ ৷
তেওঁ পুনৰ কয় যে, এই ক্ষেত্ৰত ৰাজেশ বাজাজৰ কোম্পানী আৰু বেংক কৰ্তৃপক্ষ উভয়ে জালিয়তিৰ আশ্ৰয় লোৱাটো স্পষ্ট হৈছে । যাৰ বাবে বেংক জালিয়তি তথা কেলেংকাৰীক অসমৰ সৰ্ববৃহৎ বেংক জালিয়তি তথা কেলেংকাৰী বুলি কোৱা হৈছে ৷
‘‘বেংকৰ নীতি-নিয়ম উলংঘা কৰি অবৈধ উপায়েৰে এপেক্স বেংকৰ দিছপুৰ শাখাই ৰাজেশ বাজাজৰ কোম্পানীক ইমান টকা কেনেকৈ আদায় দিয়াৰ সাহস কৰিলে ! যিহেতু ৰাজেশ বাজাজ মুখ্যমন্ত্ৰী আৰু এপেক্স বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ অতি ঘনিষ্ঠ ব্যক্তি ৷ সেয়ে এই ক্ষেত্ৰত বেংকৰ অধ্যক্ষগৰাকীৰ লগতে ঊৰ্দ্ধতম কৰ্তৃপক্ষ জড়িত নথকাকৈ এই কেলেংকাৰী সংঘটিত হ’ব নোৱাৰে ৷’’ এই মন্তব্য অ জা পৰ মুখপাত্ৰ ৰহমানে ৷
লগতে পঢ়ক:Apex Bank Scam : এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই : মুখ্যমন্ত্ৰী