গুৱাহাটী, 31 জুলাই : হাইস্কল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত বিশেষভাৱে সকলোৰে দৃষ্টি থাকে গুৱাহাটীৰ নুনমাটিস্থিত জাতীয় বিদ্যালয়ত । প্ৰত্যেক বছৰেই বিদ্যালয়খনে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় । ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ পৰীক্ষা অনুষ্ঠিত নহ'ল আৰু বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰা হয় । শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ নপতা পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে ।
শনিবাৰে ফলাফল অনুসৰি বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ 39 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰি উৰ্ত্তীণ হৈছে । ইয়াৰে 23 গৰাকীয়ে 90 শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে । ইংৰাজী বিষয়ত 39 গৰাকীৰ ভিতৰত 38 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে অসমীয়াত 32 গৰাকীৰ ভিতৰত 32 গৰাকীয়ে , বিকল্প ইংৰাজীত 7 গৰাকীৰ ভিতৰত 7 গৰাকীয়ে, পৰ্দাথ বিজ্ঞানত 39 গৰাকীৰ ভিতৰত 39 গৰাকীয়ে, গণিতত 39 গৰাকীৰ ভিতৰত 39 গৰাকীয়ে, জীৱ বিজ্ঞানত 25 গৰাকীৰ ভিতৰত 25 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে । ইফালে পৰিসংখ্যাত 4 গৰাকীৰ ভিতৰত 2 গৰাকীয়ে, কম্পিউটাৰ বিজ্ঞানত 11 গৰাকীৰ ভিতৰত 10 গৰাকীৰ সৈতে বিজ্ঞান শাখাত লেটাৰ নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে 231 গৰাকী ।