গুৱাহাটী,15 এপ্ৰিলঃ বিশ্বজুৰি সম্প্ৰতি বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আতংক ৷ কিন্তু ইয়াৰ মাজতে আন এক দুৰ্যোগৰ বাবেও সমানে প্ৰস্তুত হ’বলগীয়া হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ অসমত এতিয়া জাপানীজ এনকেফেলাইটিছৰ সময় ৷ বিগত বৰ্ষত অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল ১৫০ গৰাকী লোকৰ ৷
উল্লেখ্য যে,ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞাই ই টিভি ভাৰতৰ আগত কয় যে,সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহৰ পৰা ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা যায় আৰু ছেপ্টেম্বৰ মাহ পৰ্যন্ত ই অব্যাহত থাকে। সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত সকলো জিলালৈ যাৱতীয় নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ ফলত কোভিড 19ৰ বিপৰ্যায়ৰ মাজতো এই ৰোগৰ চিকিৎসা বা পৰীক্ষা আদি অব্যাহত ৰাখিব পৰা যাব ৷