গুৱাহাটী, ৬ জুলাইঃঅৱশেষত এদেও দুদেওকৈ কৰ'ণা আহি প্ৰৱেশ কৰিলে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ডস্বৰূপ দিছপুৰৰ জনতা ভৱনত । যাৰ ফলস্বৰূপে ততাতৈয়াকে সচিবালয় প্ৰশাসন বিভাগে জনতা ভৱনত বহুকেইটা বিভাগ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে । মাত্ৰ সীমিত সংখ্যক বিভাগহে জনতা ভৱনত খোলা ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে সচিবালয় প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ডঃ এম অংগমুথুৱে।
কেইবাটাও বিভাগ বন্ধ ঘোষণা কি কি বিভাগ খোলা থাকিব ?
নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা জনতা ভৱনত মাত্ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়,মুখ্য সচিবৰ কাৰ্যালয়,মন্ত্ৰীসকলৰ কাৰ্যালয়,গৃহ আৰু ৰাজনৈতিক বিভাগ,ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ,সাধাৰণ প্ৰশাসন বিভাগ,সচিবালয় প্ৰশাসন বিভাগ,খাদ্য আৰু অসামৰিক যোগান বিভাগ,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ লগতে আয়ুক্ত, সচিবআৰু ইয়াৰ ওপৰৰ পদমৰ্যদাৰ বিষয়াৰ কাৰ্যালয়সমূহহে খোলা থাকিব ।
উল্লেখযোগ্য যে ইতিমধ্যে ৰাজভৱনৰ দুজনকৈ বিষয়াৰ শৰীৰত ক'ভিড19ৰ সংক্ৰমণ ধৰা পৰাত ৰাজভৱনক কন্টেইমেন্ট জ'ন ঘোষণা কৰা হৈছে । জনতা ভৱনৰো কেইবাজনো বিষয়া-কৰ্মচাৰীৰ শৰীৰত ক'ভিড পজিটিভ ধৰা পৰাৰ বাবেই শেহতীয়াকৈ বহুকেইটা বিভাগ বন্ধ কৰি দিয়া হৈছে । জনতা ভৱনত কৰ্মৰত কৰ্মচাৰী বিভাগৰ অৱৰ সচিব বুদ্ধেশ্বৰ পেগু, ন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ব্যক্তিগত সহায়ক অৱনী মহন্ত,গড়কাপ্তানী বিভাগৰ স্বপন মণ্ডল আৰু ৰাজহ বিভাগৰ কম্পিউটাৰ অপাৰেটৰ মৃদুল ডেকাৰ শৰীৰত ইতিমধ্যে ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে ।
লগতে চাওকঃ কোভিড-19ক লৈ চলা অপপ্ৰচাৰত ভোল নাযাব : হিমন্ত বিশ্ব শৰ্মা