অসম

assam

ETV Bharat / state

নীতি আয়োগৰ প্ৰতিবেদনে উদঙালে অসমৰ উন্নয়নৰ এছ ডি জি

কংগ্ৰেছ চৰকাৰৰ আমোলৰ পোন্ধৰটা বছৰ আৰু বিজেপিৰ প্ৰথমটো কাৰ্য কালকে ধৰি যোৱা দুটা দশকত শাসক পক্ষই কেৱল কৈছে উন্নয়নৰ কথা । কিন্তু সাধাৰণ জনতাই নেদেখে ক’তো উন্নয়নৰ ছবি আৰু সেই কথাকে এইবাৰ বস্তুনিষ্ঠভাৱে উদঙাইছে খোদ নীতি আয়োগে ।

sdg assam
নীতি আয়োগৰ প্ৰতিবেদনে উদঙালে অসমৰ উন্নয়নৰ এছডিজি

By

Published : Jun 4, 2021, 10:31 PM IST

গুৱাহাটী, 4 জুন : অসম চৰকাৰৰ উন্নয়নৰ শ্ল’গানক অৰ্থহীন প্ৰতিপন্ন কৰিছে নীতি আয়োগে । খোৱা পানী, জীৱন-জীৱিকাৰ পৰা‌ আৰম্ভ কৰি জনস্বাস্থ্য, বিপদ গ্ৰস্থতা সকলো দিশতে পিছপৰি আছে অসম । কাৰ্যতঃ অসমৰ স্থান নাগালেণ্ড কিম্বা মেঘালয়ত কৈও বহু তলত । উল্লেখযোগ্য যে, নীতি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা‌ বহনক্ষম উন্নয়নৰ দিশৰ পৰা ৰাজ্য সমূহৰ স্থান সম্পৰ্কীয় তালিকাত অসমৰ নাম একেবাৰে শেষৰ পৰা বিহাৰ আৰু ঝাড়খণ্ডৰ ওপৰতহে ।

উল্লেখনীয় যে, নীতি আয়োগে প্ৰতি বছৰে SUSTAINABLE DEVELOPMENT GOAL (SDG)ৰ সোতৰটা বিষয়ক মাপক হিচাবে লৈ কোন কোন ৰাজ্য এই সেই বিষয় সমূহ বাস্তবায়িত কৰিব পাৰিছে তাকেলৈ প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে । আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰিছে SUSTAINABLE DEVELOPMENT GOAL ইন্ডিয়া ইনডেস্ক ২০২০-২১ । এই প্ৰতিবেদন অনুসৰি ১০০ পইন্টৰ ভিতৰত ৭৫ পইন্ট লাভ কৰি প্ৰথম স্থানত আছে কেৰRলা । ৭৪ পইন্ট লাভ কৰি দ্বিতীয় স্থানত আছে ক্ৰমে হিমাচল প্ৰদেশ আৰু তামিলনাডু । কিন্তু এই মাপ প্ৰক্ৰিয়াত মাত্ৰ ৫৭ পইন্ট পাই অসম আছে একেবাৰে শেষৰ পৰা‌ মাত্ৰ দুই ঢাপ ওপৰত । অৰ্থাৎ অসমৰ পিছত ৫৬ পইন্টেৰে ঝাড়খণ্ড আৰু ৫২ পইন্টেৰে বিহাৰৰ অৱস্থা অসমতকৈও তলত আছে ।

SUSTAINABLE DEVELOPMENT GOAL ৰ সোতৰটা বিষয়ৰ অন্যতম হৈছে- শূণ্য দাৰিদ্ৰতা, শূণ্য ভোক, সু-স্বাস্থ্য, মান পূৰ্ণ শিক্ষা, পৰিস্কাৰ পানী, পৰিস্কাৰ ইন্ধন, উদ্যোগ, উদ্ভাৱন আৰু আন্তঃগাঁঠনি, জলবায়ু সংৰক্ষণ আৰু সহযোগিতা । কিন্তু যোৱা দশকটোত অসমে এই কোনো ক্ষেত্ৰতেই উল্লেখনীয় কোনো কাম কৰি‌ দেখুৱাব পৰা‌ নাই । নীতি আয়োগৰ এই প্ৰতিবেদনৰ প্ৰতিফলিত হৈছে অসম চৰকাৰৰ এই সীমাবদ্ধতা । উদাহৰণ স্বৰূপে অসমৰ‌ মাত্ৰ ২৫ শতাংশ লোকেহে পায় খোৱা পানী । একেদৰে প্ৰসূতিৰ মৃত্যুৰ হাৰো উদ্বেগজনক ।‌

মনকৰিবলগীয়া যে, ৰাষ্ট্ৰ সংঘৰ মিলেনিয়াম ডেভেলপমেন্ট গ'লৰ লক্ষ্য সমূহ অসমৰ দ্বৰে ৰাজ্য সমূহে বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সফল নোহোৱাৰ পিছত পৰৱৰ্তী লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল SDG । কিন্তু এতিয়া এনে লক্ষ্য সমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো অসমে পিছ পৰি ৰ’ব লগীয়া হোৱাটো অতি দুৰ্ভাগ্য জনক । লক্ষণীয়ভাৱে যোৱা দশকটোত এই লক্ষ্য সমূহ স্পৰ্শ কৰাৰ‌ বাবে অসমৰ‌ দৰে ৰাজ্যতে হেজাৰ হেজাৰ কোটি টকা বিনিয়োগ কৰা‌ হৈছে ।‌‌ সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, জল জীৱন মিছন তথা বিশ্ব বেংকৰ পুঁজিৰে চলা প্ৰকল্প সমূহ তাৰেই উদাহৰণ ।‌

লগতে পঢ়কঃ অপাৰেশ্যন ক্ৰিমিনেল : নগাঁৱত আই পি এছ আনন্দ মিশ্ৰৰ ধাৰাবাহিক অভিযান

ABOUT THE AUTHOR

...view details