গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ আগবাঢ়িছে অসম চৰকাৰ গুৱাহাটী, ৬ ছেপ্টেম্বৰ:এইবাৰ গছপুলিৰ দ্বাৰা বিশ্ব অভিলেখ ৷ পুনৰ বিশ্ব ৰেকৰ্ডৰ বাবে সাজু অসম চৰকাৰ ৷ দিশপুৰত জনতা ভৱনত বুধবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গছপুলি বিতৰণ আৰু ৰোপণেৰে কেইবাটাও গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্যৰ কথা ঘোষণা কৰে । ৯ ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ হ’ব লগা এই অমৃত বৃক্ষ ৰোপণৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচী সৱিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সংবাদমেল মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ বাবে ব্যাপক সংকল্প লৈ তৎপৰতা চলাইছে ৷ নিবিদাযোগে ৰাজ্যৰ বাহিৰৰ পৰাও আনিছে বৃহৎ সংখ্যক গছপুলি । ১৭ ছেপ্তেম্বৰত ৰাজ্যজুৰি ৰোপণ কৰিব ১ কোটি গছপুলি ৷ অহা ৯ ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত ৩ লাখ গছপুলি ২২ কিলোমিটাৰ জোৰা সৰ্পিল আকাৰেৰে দীঘলীয়া শাৰীৰে সজাই প্ৰথমটো বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰিব ৰাজ্য চৰকাৰে ৷
তেওঁ আৰু কয় যে ৯ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰৰ ভিতৰত গছপুলি ৰুই অসম চৰকাৰে মুঠ ৯ টা বিশ্ব অভিলেখ গঢ়িবৰ চেষ্টা কৰিব । ইয়াৰে ৩ টা নতুন অভিলেখ গঢ়াৰ চেষ্টা কৰা হ’ব ৷ আন ৬ টা পুৰণি অভিলেখ ভংগ কৰাৰ প্ৰচেষ্টা কৰিব ৷ ইয়াৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ দল ইতিমধ্যে আহি পাইছে অসম ৷
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ভোটিং মেচিনৰ দৰে চৰকাৰীগছ ঠায়ে ঠায়ে প্ৰেৰণ কৰা হ’ব ৷ নিৰ্দিষ্ট স্থানৰ পৰা পোৰ্টেলত পঞ্জীয়ন কৰা লোকে গছপুলি ৰুবলৈ লৈ যাব পাৰিব ৷ গছপুলিৰ বাবে মুঠ ৪৭,৩৪,৪৬৫ লোকে এতিয়ালৈ পোৰ্টেলযোগে পঞ্জীয়ন কৰিছে।
‘‘সৰ্বাধিক ৭৬৮২৪ ডাল গছপুলি উত্তৰ প্ৰদেশে বিতৰণ কৰি বিশ্ব ৰেকৰ্ড কৰিছিল ৷ ১০ ছেপ্টেম্বৰতে তিনি লাখ গছপুলি বিতৰণ কৰি আমি ৰেকৰ্ড কৰাৰ চেষ্টা কৰিম ৷ ডিব্ৰুগড়ত এঘণ্টাত সৰ্বাধিক গছ পুলি ৰোপণ কৰি ৰেকৰ্ড কৰিব খুজিছো,” মন্তব্য মুখ্যমন্ত্ৰীৰ ৷
ড৹ শৰ্মাই আৰু কয়, ‘‘১০ ছেপ্টেম্বৰত এদিনত এঠাইত সৰ্বাধিক গছপুলি বিতৰণেৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যলয় খেলপথাৰত ৰেকৰ্ড কৰা হ’ব ৷ ৩ লাখ ৮৩ হাজাৰ ফটো এলবামৰ বিশ্ব ৰেকৰ্ড আমি ভাঙিম ১৭ ছেপ্টেম্বৰত ৷ আমাৰ লক্ষ্য এক কোটি ফটো এলবামৰ বিশ্ব ৰেকৰ্ড কৰাৰ ৷’’ গছপুলি ৰোৱাৰ অংগীকাৰ কৰাৰ ৰেকৰ্ডো কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ১৪ ছেপ্টেম্বৰত ওদালগুৰিত এটা গোটৰ দ্বাৰা সৰ্বাধিক গছ পুলি ৰোপণৰ ৰেকৰ্ড কৰা হ’ব ৷ ২৪ ঘণ্টাত একেলগে ১০০০০ মানুহে সৰ্বাধিক গছপুলি ৰোপণ কৰিব সেইদিনটোত ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই গোটেই গছপুলি ৰোপণ প্ৰক্ৰিয়াটোত মুঠ ৪৭ কোটি টকা খৰছ হ’ব ৷ বন বিভাগৰ দ্বাৰা গছপুলিবোৰ এনেদৰে যোগাৰো কৰা হৈছে যাতে ডাঙৰ হৈ এই গছবোৰে অৰ্থনৈতিক ভাৱেও ৰাজ্যৰ জনসাধাৰণক সহায় কৰে ৷ সংবাদমেলৰ শেষত কাজিৰঙাৰ বিষয়ে প্ৰস্তুত কৰা এখন কফে টেবুল বুকো উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক:INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা