গুৱাহাটী,৬ মার্চ : সন্ত্রাসবাদৰ আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম হাক্কানী নেটৱৰ্কৰ (Haqqani Network international platform for terrorism)আৰ্হিত অসমতাে ‘অল কায়দা ইন ইণ্ডিয়ান ছাৱ কন্টিণেন্ট’-এ(এ কিউ আই এছ) চৰ চাপৰিৰ মাদ্ৰাছা সমূহত ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ বাবে শ্লিপাৰ চেলৰ বিশাল নেটৱৰ্ক গঢ়ি তােলাৰ কাম তীব্র গতিত চলাই আছে। এই বিস্ফোৰক অভিযোগ ৰাজ্যিক বিজেপিৰ(State BJP spokesperson's press meet) । দেওবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত আয়ােজন কৰা এখন সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু ডঃ মমিনুল আৱালে এই বিস্ফোৰক অভিযােগ উত্থাপন কৰে।
অল কায়দাৰ খলিফা ৰাষ্ট্রৰ মেপত অসম : বিজেপিৰ মুখপাত্র উল্লেখ্য যে, বৰপেটাৰ ঢকালিয়াপাৰা মাদ্রাছাক কেন্দ্ৰ কৰি চলি থকা সন্ত্রাসবাদী সংগঠনৰ এক বিশাল নেটৱৰ্ক অসম আৰক্ষীয়ে উৎখাত কৰাৰ লগতে সন্ত্রাসবাদী কামৰ লগত জড়িত ৫ জনক ইতিমধ্যে গ্রেপ্তাৰ কৰাৰ প্রসংগ উত্থাপন কৰি বিজেপিৰ মুখপাত্রদ্বয়ে চৰ-চাপৰিৰ অধিকাংশ মাদ্ৰাছাতে সন্ত্রাসবাদী নেটৱৰ্ক সক্রিয় হৈ থকাৰ কথা উল্লেখ কৰে ।
বর্তমান সময়ত অসমৰ বিভিন্ন স্থানত চলি থকা বেচৰকাৰী মাদ্রাছাসমূহত ৰাষ্ট্রবিৰােধী কামকাজ চলি থকাৰ পূর্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্রদ্বয়ে কয় যে, চৰকাৰী মাদ্ৰাছাৰ পাঠ্যক্ৰমৰ আৰ্হিত বেচৰকাৰী মাদ্রাছাৰাে পাঠ্যক্ৰমৰ ওপৰত প্রশাসনে চোকা দৃষ্টি ৰখাৰ প্রয়ােজন আছে । বেচৰকাৰী মাদ্ৰাছাৰ অধিকাংশ ছাত্র-ছাত্রীয়ে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ, লাচিত বৰফুকনৰ কথা নাজানে বুলি তেওঁলোকে সদৰি কৰে ।
কিন্তু এনে নিয়ন্ত্রণহীন মাদ্রাছাত ধৰ্মৰ চাদৰৰ আঁৰত পাকিস্তান, আফগানিস্তান, ছিৰিয়া, লেবানন আদি কুখ্যাত সন্ত্রাসবাদী সকলৰ বিষয়ে ছাত্র-ছাত্রী সকলক জানিবলৈ দিয়া হয় । ফলত ধৰ্মৰ আঁৰ লৈ এটি ৰাষ্ট্র বিৰােধী চক্রই মাদ্ৰাছা সমূহৰ ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনাক নুই কৰিব নােৱাৰি বুলি বিজেপি নেতা মমিনুল আৱালে মত প্রকাশ কৰে ।
সংবাদ মেলত বিজেপিৰ মুখপাত্রগৰাকীয়ে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু আমছুকো তীব্র ভাষাৰে সমালােচনা কৰে। এই দল-সংগঠন সমূহে সংখ্যালঘুক তােষামােদ কৰাৰ নামত চৰ-চাপৰিত ভয়াৱহ ৰূপত বিকশিত হােৱা সন্ত্রাসবাদী নেটৱক সম্পর্কত কেতিয়াও কোনাে ধৰণৰ মন্তব্য প্রকাশ কৰা নাই । ইছলামীয় সন্ত্রাসবাদক গৰিহণা দি এই দলসমূহে আজি পর্যন্ত কোনাে ধৰণৰ কার্যসূচী গ্রহণ কৰা পৰিলক্ষিত হােৱা নাই বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে বিজেপিৰ নেতাগৰাকীয়ে ।
কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু আমছুয়ে সদায় ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ নেটৱৰ্ক সমূহৰ পৰিপূৰক হিচাপে কাম কৰি অহা হে দেখা গৈছে বুলি বিজেপিৰ মুখপাত্রদ্বয়ে কয় । ইয়াৰ লগতে ৰহিঙ্গীয়াৰ বাবে প্রাণ দিবলৈ সাজু আছাে বুলি মত প্রকাশ কৰা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ নিৰৱতাও এই ক্ষেত্ৰত অতি উল্লেখনীয় বিষয় বুলি তেওঁলোকে অভিযােগ উত্থাপণ কৰে ।
বাংলাদেশৰ কক্স বজাৰ আৰু ঢাকা চহৰক কেন্দ্ৰ কৰি সমগ্ৰ পূব ভাৰত, নেপালৰ তৰাই অঞ্চল, ম্যানমাৰৰ ৰহিঙ্গীয়া অধ্যুষিত অঞ্চল আৰু উত্তৰ-পূর্বাঞ্চলক সামৰি এক বিশাল খলিফা ৰাষ্ট্র গঠনৰ বাবে অল কায়দা ইন ইণ্ডিয়ান ছাৱ কন্টিণেন্টে ব্যাপক কাম-কাজ চলাই আছে । হাক্কানী নেটৱৰ্কে পৃথিৱীজুৰি ইছলামীয় সন্ত্রাসবাদ বিয়পাবৰ বাবে মাদ্রাছাক ব্যৱহাৰ কৰাৰ দৰে অল কায়দা ইন ইণ্ডিয়ান ছাৱ কন্টিণেন্টে অসমৰ লগতে পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আদি ৰাজ্য আৰু ম্যানমাৰ, নেপালৰ দৰে চুবুৰীয়া ৰাষ্ট্রৰ মাদ্রাসমূহত শ্লিপাৰ চেল তৈয়াৰ কৰি আছে ।
বৰপেটাৰ ঢাকালিয়াপাৰা মাদ্ৰাছাৰ ঘটনাই ইয়াৰ জলন্ত উদাহৰণ বুলি বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই উল্লেখ কৰে । তেওঁ কয় যে অল কায়দা ইন ইণ্ডিয়ান ছাৱ কন্টিণেন্ট কুখ্যাত সন্ত্রাসবাদী সংগঠন(All Qaeda in Indian Sav Constant Terrorist Organization) আই এছ আই এছ(ISIS)আৰু অল কায়দাৰ লগত প্রত্যক্ষভাৱে জড়িত ৷
লগতে পঢ়ক :বিহু পতাকলৈ আপত্তি কৰাৰ অধিকাৰেই নাই মুখ্যমন্ত্ৰীৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা