অসম

assam

ETV Bharat / state

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মফচলীয় অঞ্চলৰ শিক্ষাৰ্থীৰ আধিপত্য

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ 64.80 ৷ ছাত্ৰৰ উত্তীৰ্ণ হাৰ 66.93 আৰু ছাত্ৰীৰ 62.91 ৷

By

Published : Jun 6, 2020, 1:03 PM IST

Assam h.s.l.c result 2020 declared
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মফচলীয় অঞ্চলৰ শিক্ষাৰ্থীৰ আধিপত্য

গুৱাহাটী, 6 জুন ঃ2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত 64.80 শতাংশ শিক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰে কাৰ্যতঃ আশাৰ বতৰা কঢ়িয়াই আনিছে । এইবাৰৰ পৰীক্ষাত সৰ্বমুঠ 34,2224 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে 22,1756 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে জনোৱা তথ্য অনুসৰি এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ 16,0794 গৰাকী পৰীক্ষাৰ্থীৰ 10,7619 গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণ হাৰ 66.93 শতাংশ । ইয়াৰে 24,365 গৰাকীয়ে প্ৰথম বিভাগত, 37,989 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 45,265 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

আনহাতে, এইবাৰ ছাত্ৰী পৰীক্ষাৰ্থীৰ সংখ্যা ছাত্ৰতকৈ বেছি আছিল । ছাত্ৰী পৰীক্ষাৰ্থীৰ সংখ্যা আছিল মুঠ 18,1430 গৰাকী । উত্তীৰ্ণ হৈছে 11,4137 গৰাকী। উত্তীৰ্ণ হাৰ 62.91 শতাংশ । ছাত্ৰী পৰীক্ষাৰ্থীৰ 23,913 গৰাকীৰ ভিতৰত প্ৰথম বিভাগত 39,861 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 50,363 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। পৰিষদৰ তথ্য অনুসৰি এইবাৰৰ পৰীক্ষাত ডিষ্টিংছন লাভ কৰিছে মুঠ 5,941 গৰাকী পৰীক্ষাৰ্থীয়ে।

ইয়াৰে 3,141 গৰাকী ছাত্ৰ আৰু 2,800 গৰাকী ছাত্ৰী পৰীক্ষাৰ্থী। একেদৰে ষ্টাৰ মাৰ্ক লাভ কৰা মুঠ 10,815 গৰাকী পৰীক্ষাৰ্থীৰ 5,507 গৰাকী ছাত্ৰ আৰু 5,308 গৰাকী ছাত্ৰী পৰীক্ষাৰ্থী। উল্লেখযোগ্য যে, সদ্যঘোষিত এই ফলাফলত লক্ষণীয়ভাৱে গুৱাহাটী মহানগৰীৰ নামী-দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্তিমিত প্ৰদৰ্শনৰ বিপৰীতে মফচলীয় চহৰৰ আৰু গ্ৰাম্যাঞ্চলৰ বিদ্যালয়ৰ ফলাফল উৎসাহজনক। প্ৰথম দহটা স্থানৰ মুঠ 42 গৰাকী মেধাৱী শিক্ষাৰ্থীৰ 39 গৰাকী শিক্ষাৰ্থীয়েই ৰাজ্যৰ মফচলীয় চহৰ আৰু গ্ৰাম্যাঞ্চলৰ বিদ্যালয়ৰ ।

ABOUT THE AUTHOR

...view details