অসম

assam

ETV Bharat / state

চৰকাৰ বিৰোধী শ্ল'গানেৰে লাষ্ট গেট উত্তাল গৃহৰক্ষী জোৱানৰ - সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা

চৰকাৰ বিৰোধী শ্ল'গানেৰে লাষ্ট গেট উত্তাল কৰিলে গৃহৰক্ষী জোৱান সকলে। কেইবাটাও দাবী লৈ সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ উত্তাল প্ৰতিবাদ । প্ৰতিবাদস্থলী এৰি গৃহৰক্ষী জোৱান সকলৰ ৰাজপথলৈ ওলাই অহাৰ চেষ্টা।

চৰকাৰ বিৰোধী শ্ল'গানেৰে লাষ্ট গেট উত্তাল গৃহৰক্ষী জোৱানৰ
চৰকাৰ বিৰোধী শ্ল'গানেৰে লাষ্ট গেট উত্তাল গৃহৰক্ষী জোৱানৰ

By

Published : Mar 6, 2020, 1:08 PM IST

Updated : Mar 6, 2020, 1:19 PM IST

গুৱাহাটী,6 মাৰ্চঃশুকুৰবাৰে অসম চৰকাৰৰ বাজেট অধিবেশনৰ পঞ্চম দিন। পঞ্চম দিনা দুপৰীয়া ২ বজাত ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিব বাজেট। ইফালে বাজেটক লৈ বিধানসভাত চৰকাৰৰ তৎপৰতা,আনফালে লাষ্ট গেটৰ প্ৰতিবাদস্থলীত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ উত্তাল প্ৰতিবাদ। শতাধিক গৃহৰক্ষী জোৱানে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে লাষ্ট গেটৰ আকাশ-বতাহ। গৃহৰক্ষী জোৱানসকলে ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইনখন বৰ্তমান সময়ৰ উপযোগী হোৱাকৈ সংশোধন ঘটাই গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়ামীয়াকৰণৰ ব্যৱস্থা গ্ৰহণ প্ৰদান দাবীৰ লগতে প্ৰতিখন জিলা আৰক্ষী চাউনি সমূহত প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষীৰ নতুন পদৰ সংখ্যা বৃদ্ধি কৰা,গৃহৰক্ষী কৰ্মচাৰী সকলৰ চাকৰি কাৰ্যকাল ৫৫ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰা,গৃহৰক্ষী জোৱান সকলৰ দৰমহা বৃদ্ধি কৰা,কৰ্মৰত অৱস্থাত মৃত্যু ঘটা গৃহৰক্ষী জোৱান সকলক আৰ্থিক সাহায্য প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গৃহৰক্ষী জোৱান সকলৰ প্ৰতিবাদৰ সময়ত উত্তেজিত হৈ প্ৰতিবাদস্থলীৰ এৰি ৰাজপথলৈ ওলাই অহাৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত গৃহৰক্ষী জোৱানসকল প্ৰতিবাদস্থলীলৈ উভতি যায়।

চৰকাৰ বিৰোধী শ্ল'গানেৰে লাষ্ট গেট উত্তাল গৃহৰক্ষী জোৱানৰ
প্ৰতিবাদকাৰী গৃহৰক্ষীৰ জোৱানসকলে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰ চৰকাৰ মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ লগতে চৰকাৰে তেওঁলোকৰ দাবী সমূহ অতি শীঘ্ৰে গুৰুত্ব প্ৰদান কৰি সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
Last Updated : Mar 6, 2020, 1:19 PM IST

ABOUT THE AUTHOR

...view details