অসম

assam

New Pension Policy: নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে সৰৱ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা

By

Published : Aug 1, 2022, 7:32 PM IST

পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ(Assam High School Retired teachers Association) ৷ জানুৱাৰী ২০০৪ চনৰ পূৰ্বে কৰ্মত যোগদান কৰি তদৰ্থ মঞ্জুৰি পোৱা, ২০১৩ চনত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত এন পি এচৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰবীণ শইকীয়াৰ ৷

demands-cancellation-of-new-pension-policy-by-assam-high-school-retired-teachers-association
নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে সৰৱ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা

গুৱাহাটী, 1 আগষ্ট: ‘‘হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সকলে ২ লাখৰ তলত ধনৰাশি জমা হোৱা ২০১৩ চনত প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীয়ে পেঞ্চনৰ নামত এটকাও নাপায় । মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি অন্ন বস্ত্ৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰি থকা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীয়ে গ্ৰেচ্যুইটিৰ ধন বিভাগীয় মন্ত্ৰী বিষয়াৰ অমনোযোগিতাৰ বাবে লাভ নকৰে ৷’’ এই অভিযোগ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰবীণ শইকীয়াৰ ৷

সোমবাৰে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাই (Press meet of Assam High School Retired teachers Association) ৷ সংবাদমেলযোগে জানুৱাৰী ২০০৪ চনৰ পূৰ্বে কৰ্মত যোগদান কৰি তদৰ্থ মঞ্জুৰি পোৱা, ২০১৩ চনত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত এন পি এচৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনায় সভাপতি প্ৰবীণ শইকীয়াই ৷

নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে সৰৱ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা

তেওঁ কয় যে, ২০১৩ বৰ্ষত প্ৰাদেশিকৃত হোৱা বিদ্যালয়ৰ পৰা ইতিমধ্যে ৩৫০০ শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে যদিও ২ লাখৰ তলত ধনৰাশি জমা থকাৰ বাবে ৮১৪ জন শিক্ষক কৰ্মচাৰীয়ে এটকাও লাভ নকৰে । ইফালে ৩-৫ বছৰ চাকৰি কৰি দৰমহা লাভ কৰা শিক্ষক কৰ্মচাৰীয়ে অৱসৰৰ পিছত মাহিলী ৬০০-১২০০ টকাহে Annuity পেঞ্চন লাভ কৰি আছে ।

ইফালে, সংবাদমেলত সভাপতিগৰাকীয়ে প্ৰাদেশিকৃত হাইস্কুল হাইমাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী তদৰ্থ মঞ্জুৰি প্ৰাপ্তিৰ তাৰিখৰ পৰা চাকৰিৰ অৰ্হতাৰ কাল গণ্য কৰি মৃত্যু আৰু অৱসৰকালীন গ্ৰেচ্যুইটি আদায় দিয়া, এন পি এচ ভুক্ত প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চন বাহাল নোহোৱা পৰ্যন্ত দৰমহা গাঁঠনিৰ শেষত মূল দৰমহাৰ ৫০% ধন পেঞ্চন হিচাপে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে ।

আগষ্ট মাহৰ ভিতৰত চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাই ।

লগতে পঢ়ক :Demand for cancellation of NPS : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বাইহাটাত মুকলি সভা

ABOUT THE AUTHOR

...view details