অসম

assam

ETV Bharat / state

Heart Patient Treatment: হৃদৰোগৰ বিনামূলীয়া চিকিৎসাৰ বাবে আহমেদাবাদলৈ অসমৰ প্ৰথমটো শিশুৰ দল - Minister Keshab Mahant

হৃদৰোগৰ চিকিৎসাৰ বাবে গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা হ’ল অসমৰ হৃদৰোগাক্ৰান্ত প্ৰথটো শিশুৰ দল ৷ প্ৰথম পৰ্যায়ত মুঠ 19গৰাকী শিশুক প্ৰেৰণ কৰা হৈছে আহমেদাবদলৈ ৷ আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালত বিনামূলীয়াকৈ হ’ব চিকিৎসা ৷

Heart Patient Treatment
হৃদৰোগৰ বিনামূলীয়া চিকিৎসাৰ বাবে আহমেদাবাদলৈ অসমৰ প্ৰথমটো শিশুৰ দল

By

Published : Jan 28, 2023, 9:47 PM IST

গুৱাহাটী, 28 জানুৱাৰী: অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ(Sri Sathya Sai Heart Hospital Ahmedabad) মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে শনিবাৰে গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা হয় । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তত্বাৱধানত অভিভাৱকৰ সৈতে প্ৰেৰণ কৰা শিশু হৃদৰোগীৰ দলটোত আছে জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত 19 টি শিশু(Heart patient treatment in Ahmedabad) ।

ৰোগীৰ অভিভাৱকৰ সৈতে স্বাস্থ্যমন্ত্ৰীৰ মত বিনিময়

আহমেদাবাদলৈ বিমানেৰে ৰাওনা হোৱাৰ প্ৰাকক্ষণত শনিবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত(GMCH) এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ(Assam heart disease patients) লগতে অভিভাৱক সকলক দেখা কৰি চিকিৎসাৰ বাবে শুভেচ্ছা জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । সাক্ষাৎকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিশুসকলৰ অভিভাৱকেৰে মত বিনিময় কৰি আহমেদাবাদত এই শিশুসকলক সম্পূৰ্ণ বিশ্বমানৰ, অত্যাধুনিক চিকিৎসা উপলবদ্ধ কৰোৱা হ'ব বুলি আশ্বাস দিয়ে ।

তেওঁলোকৰ চিকিৎসাৰ লগতে যাতায়াত আৰু খোৱা-বোৱাকে ধৰি আনুসংগিক খৰছৰ বাবে অভিভাৱকসকল কোনো চিন্তা বা শংকাত পৰাৰ প্ৰয়োজন নাই বুলিও মন্ত্ৰী মহন্তই(Minister Keshab Mahanta) অভিভাৱকসকলক আশ্বস্ত কৰে । ৰাজ্য চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ মাজত হোৱা বুজাবুজি অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ চি এন চেণ্টাৰৰ অভিজ্ঞ চিকিৎসকৰ বিশেষ তত্বাৱধানত প্ৰেৰণ কৰা এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ ব্যয়ৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ছোৱাত প্ৰতিদিনে খোৱা-বোৱাৰ সমষ্ট খৰছ শ্ৰীসত্য সাই হাৰ্ট হাস্পতাল পৰিচালনা ন্যাসে বহন কৰিব ।

ইয়াৰ বিপৰীতে ৰোগী-অভিভাৱকৰ যাতায়াতৰ খৰছকে ধৰি আন আনুসংগিক খৰছ বহন কৰিব অসম চৰকাৰে । উল্লেখ্য যে, শ্ৰীসত্য সাই হাস্পতালৰ এটি সাতজনীয়া অভিজ্ঞ হৃদৰোগ বিশেষজ্ঞৰ এটা দল আহি যোৱা 21 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীনৰ হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ (চিএন চেণ্টাৰ)ত প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰি জৰুৰীভাৱে অস্ত্ৰোপচাৰ তথা উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তা দেখা দিয়া হৃদৰোগাক্ৰান্ত শিশুসকলক আহমেদাবাদলৈ নিয়াৰ বাবে বাচনি কৰিছিল ।

এই স্ক্ৰীণিং কেম্পত আহমেদাবাদৰ পৰা অহা হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ দলটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্যৰ নেতৃত্বত চি এন চেণ্টাৰ তথা জি এম চি এইচৰ ছজনীয়া চিকিৎসা বিশেষজ্ঞৰ এটা দলে সহযোগিতা আগবঢ়ায় ।

অসমৰ 19টি শিশু ৰাওনা চিকিৎসাৰ বাবে

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিশু আৰু অভিভাৱকসকলক সাক্ষাতৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু অধীক্ষক ডাঃ অভিজিত শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণৱ ভট্টাচাৰ্যৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া আৰু বহু কেইগৰাকী চিকিৎসক উপস্থিত আছিল ।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিদায়ী মুখ্য ন্যায়াধীশ আৰ এম ছায়াই আহমেদাবাদস্থিত দেশৰ এই অগ্ৰণী দাতব্য হৃদৰোগ চিকিৎসালয়খনত অসমৰ হৃদৰোগাক্ৰান্ত শিশু আৰু দুখীয়া পৰিয়ালৰ বয়সস্থ হৃদৰোগীসকলে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা পাব পৰাকৈ শ্ৰীসত্য সাই হাস্পতাল ন্যাস আৰু অসম চৰকাৰৰ মাজত প্ৰাৰম্ভিক যোগাযোগ স্থাপনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ।

সেইসূত্ৰে 7 জানুৱাৰীত গুৱাহাটীৰ অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু শ্ৰীসত্য সাই হাৰ্ট হাস্পতাল ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমানীয়ে এই সন্দৰ্ভত এখন আনুষ্ঠানিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল । এই বুজাবুজি অনুসৰি আগন্তুক দুবছৰত অসমৰ 500 হৃদৰোগাক্ৰান্ত শিশু আৰু দুখীয়া পৰিয়ালৰ 500 গৰাকী হৃদৰোগীক শ্ৰীসত্য সাই হাৰ্ট হাস্পতালত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব(Heart patient in Assam) । ইয়াৰ প্ৰথম পৰ্যায়ত শনিবাৰে 19 গৰাকী হৃদৰোগত আক্ৰান্ত শিশু আহমেদাবাদ অভিমুখে যাত্ৰা কৰে ।

লগতে পঢ়ক:MoU with Prashanti Medical Service : দুবছৰত অসমৰ ১০০০ গৰাকী হৃদৰোগীৰ চিকিৎসা হ’ব সম্পূৰ্ণ বিনামূলীয়া

ABOUT THE AUTHOR

...view details