অসম

assam

ETV Bharat / state

Highest rate of anemia: এনিমিয়াত আক্ৰান্ত মহিলাৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম - মহিলা এনিমিয়াত আক্ৰান্ত

পাঁচ বছৰৰ ব্যৱধানত অসমত ৰক্তহীনতাত আক্ৰান্ত মহিলাৰ হাৰ ২০ শতাংশলৈ বৃদ্ধি (Assam has the highest rate of anemia) । ২০১৫-১৬ বৰ্ষত অসমত ৰক্তহীনতাত আক্ৰান্ত মহিলা আছিল ৪৬ শতাংশ । ২০২০-২১ বৰ্ষত এই সংখ্যা বৃদ্ধি পাইছে ৬৬ শতাংশলৈ । পাঁচ বছৰৰ ব্যৱধানত ৰাজ্যত ৰক্তহীনতাত আক্ৰান্ত মহিলাৰ সংখ্যা বৃদ্ধি পালে ২০ শতাংশ । ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাস্তৱ স্বৰূপটো উন্মোচিত হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদনত ।

Assam has the highest rate of anemia in women
ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ বৃদ্ধি

By

Published : Apr 29, 2023, 7:44 PM IST

গুৱাহাটী, ২৯ এপ্ৰিল :এখনৰ পাচত আনখনকৈ মেডিকেল কলেজ স্থাপন কৰাৰ উপৰি বিভিন্ন প্ৰকল্প ৰূপায়ন কৰাৰ পাচতো কিন্তু ৰাজ্যৰ সাধাৰণ জনতাই উপযুক্ত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিছে । এক কথাত ক’বলৈ গ’লে আজিও ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত উন্নয়ন হোৱা নাই । ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাস্তৱ স্বৰূপটো উন্মোচিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদনত ।

অতি উদ্বেগৰ বিষয় যে, অসমত এনিমিয়া তথা ৰক্তহীনতাত আক্ৰান্ত মহিলাৰ সংখ্যা পাঁচ বছৰৰ ব্যৱধানত ২০ শতাংশলৈ বৃদ্ধি পাইছে (Assam has the highest rate of anemia)। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৫-১৬ বৰ্ষত অসমত ৰক্তহীনতাত আক্ৰান্ত মহিলা আছিল ৪৬ শতাংশ । কিন্তু ২০২০-২১ বৰ্ষত এই সংখ্যা বৃদ্ধি পাইছে ৬৬ শতাংশলৈ । অর্থাৎ মাথোঁ পাঁচ বছৰৰ ব্যৱধানত ৰাজ্যত ৰক্তহীনতাত আক্ৰান্ত মহিলাৰ সংখ্যা বৃদ্ধি পালে ২০ শতাংশ ।

অসমৰ পিচতে এনিমিয়াত আক্ৰান্ত মহিলা বৃদ্ধি পাইছে জম্মু-কাশ্মীৰত । ২০১৫-১৬ বৰ্ষত জম্মু-কাশ্মীৰত এনিমিয়াত আক্ৰান্ত মহিলা আছিল ৪৯ শতাংশ । কিন্তু পাঁচ বছৰ পিচত জম্মু-কাশ্মীৰত ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ বৃদ্ধি পাইছে ৬৬ শতাংশলৈ । আনহাতে, পাঁচ বছৰৰ ব্যৱধানত ছত্তীশগড়ত এনিমিয়াত আক্ৰান্ত মহিলা বৃদ্ধি পাইছে ১৪ শতাংশ । ২০১৫-১৬ বৰ্ষত ছত্তীশগড়ত ৰক্তহীনতাত ভোগা মহিলা আছিল ৪৭ শতাংশ । কিন্তু ২০২০-২১ত বৃদ্ধি পাইছে ৬১ শতাংশলৈ (Assam has the highest rate of anemia in women in India)।

একেদৰে ওড়িশাত ৫১ শতাংশৰ পৰা ৬৪.৩ শতাংশলৈ, ত্ৰিপুৰাত ৫৫ শতাংশৰ পৰা ৬৭ শতাংশলৈ, মিজোৰামত ২৪.৮ শতাংশৰ পৰা ৩৪.৮ শতাংশলৈ আৰু পশ্চিমবংগত ৬২.৫ শতাংশৰ পৰা ৭১.৪ শতাংশলৈ বৃদ্ধি পাইছে ৰক্তহীনতাত আক্ৰান্ত মহিলা । অর্থাৎ এনিমিয়াত আক্ৰান্ত মহিলাৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অসম । অসমৰ এনে শোচনীয় ছবিৰ বিপৰীতে চণ্ডীগড়, লাক্ষাদ্বীপ আদি ঠাইত ৰক্তহীনতাত আক্ৰান্ত মহিলাৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, সাম্প্ৰতিক সময়ত অসম আৰু জম্মু-কাশ্মীৰৰ ৬৬ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ পশ্চিমবংগৰ ৭১.৪ শতাংশ আৰু ত্ৰিপুৰাৰ ৬৭.২ শতাংশ মহিলা এনিমিয়াত আক্ৰান্ত । অর্থাৎ ৰক্তহীনতাত আক্ৰান্ত মুঠ মহিলাৰ ক্ষেত্ৰত দেশৰ তিনি শোচনীয় ৰাজ্যৰ মাজত আছে অসমৰ নাম ।

আনহাতে, সাম্প্ৰতিক সময়ত হিমাচল প্ৰদেশৰ ৫৩ শতাংশ, পঞ্জাৱত ৫৮.৭ শতাংশ,উত্তৰাখণ্ডত ৪২.৬ শতাংশ, হাৰিয়ানাত ৬০ শতাংশ, মহাৰাষ্ট্ৰত ৫৪.২ শতাংশ, তেলেংগানাত ৫৭.৬ শতাংশ, কর্ণাটকত ৪৭.৮ শতাংশ, কেৰালাত ৩৬.৩ শতাংশ, গোৱাত ৩৯ শতাংশ, মিজোৰামত ৩৪.৮ শতাংশ, মণিপুৰত ২৯.৪ শতাংশ, নাগালেণ্ডত ২৮.৯ শতাংশ, অৰুণাচল প্ৰদেশত ৪০.৩ শতাংশ আৰু ছিকিমত ৪২.১ শতাংশ মহিলা এনিমিয়াত আক্ৰান্ত ।

লক্ষ্যণীয় বিষয় যে, ৰাজ্য চৰকাৰে মহিলাসকলৰ বিকাশৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও উদ্বেগজনকভাৱে এনিমিয়াত আক্ৰান্ত মহিলাৰ সংখ্য বৃদ্ধি পোৱাটো অতি চিন্তনীয় বিষয় ।

লগতে পঢ়ক :Wiener Zeitung crisis : ইতিহাস হ'ব বিশ্বৰ পুৰণি দৈনিক বাতৰি কাকত

ABOUT THE AUTHOR

...view details