অসম

assam

Flood in Assam : কেন্দ্ৰৰ পৰা বান সাহায্য আদায় কৰিবলৈ সক্ষম হ‘বনে ৰাজ্য চৰকাৰ ?

By

Published : Jan 27, 2023, 2:18 PM IST

অসম চৰকাৰে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যালোচনা (Flood in Assam)। আজিলৈকে ৰাজ্য চৰকাৰে বিচৰা অনুসৰি কেন্দ্ৰই কেতিয়াও অসমক বান সাহায্য প্ৰদান কৰা নাই । ৰাজ্য চৰকাৰে ২০২১-২২ বৰ্ষত বানৰ ক্ষয়-ক্ষতিৰ জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০১৮ কোটি টকাৰ বিশেষ পেকেজ দাবী কৰিছিল । কেন্দ্ৰীয় চৰকাৰে অসমক দিছিল মাত্ৰ ৫১ কোটি টকা । ২০২০-২১ বৰ্ষত অসম চৰকাৰে বিচৰা ২৬৮২ কোটি টকাৰ বিপৰীতে কেন্দ্ৰই দিছিল মাত্ৰ ৪৫ কোটি টকা (Assam has sought Rs 3074 crore from the Centre for last years flood damage)।

Flood in Assam
কেন্দ্ৰৰ বান সাহায্য আদায় কৰিবলৈ সক্ষম হ‘বনে ৰাজ্য চৰকাৰ

গুৱাহাটী,২৭ জানুৱাৰীঃ বিগত বৰ্ষৰ প্ৰলয়ংকৰী বানত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছে ৩,০৭৩.৮৬ কোটি টকা (Assam flood)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বানত হোৱা ক্ষয়-ক্ষতিৰ সবিশেষ উল্লেখ কৰি শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত প্ৰতিবেদন দাখিল কৰাৰ লগতে সোনকালে বান সাহায্যৰ ধন মোকলাই দিয়াৰ বাবে অনুৰোধ জনাইছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক সূত্ৰই জনোৱা মতে অসম চৰকাৰে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা কৰি আছে ।

বানত বিধস্ত জন জীৱন

বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে বানৰ সময়ত অসমলৈ প্ৰেৰণ কৰা উচ্চ পৰ্যায়ৰ দলটোৱে দাখিল কৰা প্ৰতিবেদনখনৰ সৈতে ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰতিবেদনৰ পৰ্যালোচনা কৰা হৈছে । জানিব পৰা মতে ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শেহতীয়াকৈ এখন বৈঠকো অনুষ্ঠিত কৰিছিল । কিন্তু অসমক কিমান ধন প্ৰদান কৰা হ’ব, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ।

বানত বিধস্ত জন জীৱন

উল্লেখ্য যে বিগত বৰ্ষত হোৱা বানত ৰাজ্যখনৰ ১৮১ টা ৰাজহ চক্ৰৰ প্ৰায় ৮৮ লাখ লোক বানৰ কবলত পৰিছিল । আনহাতে বানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ টা স্থানত ভূমিস্খলন হৈছিল । বৰাক উপত্যকাৰ লগতে ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'লপথৰো বিস্তৰ ক্ষতি হৈছিল । বানৰ পাছত চৰকাৰখনে তৎকালীনভাৱে পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা গঢ়ি তুলিছিল যদিও এতিয়াও বহু অঞ্চলৰ পথ নির্মাণেই হোৱা নাই । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে বিচৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৩,০৭৩.৮৬ কোটি টকা প্ৰদান কৰিব নে নকৰে সেয়াহে ডাঙৰ কথা । কাৰণ অতি পৰিতাপৰ বিষয় যে আজিলৈকে ৰাজ্য চৰকাৰে বিচৰা অনুসৰি কেন্দ্ৰই কেতিয়াও অসমক বান সাহায্য প্ৰদান কৰা নাই (Assam has sought Rs 3074 crore from the Centre for last years flood damage)।

বানে গৰকা অসম

উল্লেখ্য যে বছৰৰ পাছত বছৰ ধৰি অসমবাসীয়ে বানপানীৰে যুঁজ দি আহিছে যদিও এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনো এখন চৰকাৰেই বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই । আনহাতে বান সাহায্যৰ নামতো চৰকাৰে প্ৰদৰ্শন কৰি আহিছে চূড়ান্ত অৱহেলা । বান বিধ্বস্ত ৰাজ্য অসমক কেন্দ্ৰই সদায়ে বঞ্চনা কৰি আহিছে । অতি পৰিতাপৰ বিষয় যে ৰাজ্য চৰকাৰে ২০২১-২২ বৰ্ষত বানৰ ক্ষয়-ক্ষতিৰ জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০১৮ কোটি টকাৰ বিশেষ পেকেজ দাবী কৰিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমক দিছিল মাত্ৰ ৫১ কোটি টকা ।

বানে গৰকা অসম

ইয়াৰ পূৰ্বৰ বছৰটোত অর্থাৎ ২০২০-২১ বৰ্ষত অসম চৰকাৰে বানৰ ক্ষতিপূৰণ হিচাপে ২৬৮২ কোটি টকা বিচাৰিছিল । কিন্তু কেন্দ্ৰই আগবঢ়াইছিল মাত্ৰ ৪৫ কোটি টকা । কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ ২৭ মে'ত এছ ডি আৰ এফৰ অধীনত ৩২৪ কোটি টকা মোকলাই দিলেও এই আঁচনিৰ অধীনত অসমে পাবলগীয়া ধন প্ৰতি বছৰে সঠিক মতে আদায় দিয়া নাই । ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষলৈ এছ ডি আৰ এফৰ পুঁজি প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰিছে । উল্লেখ যে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে বিপদৰ সময়ত অসমৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ বিপৰীতে গুজৰাট, বিহাৰ বা উত্তৰ প্ৰদেশত যদি কোনো প্ৰাকৃতিক দুৰ্যোগ হয়, তেনেহ'লে লগে লগেই তৎপৰ হৈ পৰা পৰিলক্ষিত হয়, তাৎক্ষণিকভাৱে বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা হয় ।

বানে গৰকা অসম

কিন্তু এই ক্ষেত্ৰত অসমক সদায়ে উপেক্ষা কৰি অহা হৈছে । বিগত বৰ্ষৰ বানতো কেন্দ্ৰীয় চৰকাৰে অসমক চৰমভাৱে উপেক্ষা কৰা পৰিলক্ষিত হয় । প্রণিধানযোগ্য যে প্রতিবছৰে হোৱা বানত ৰাজ্যখনত কোটি কোটি টকাৰ সা-সম্পত্তি বিনষ্ট হয় । বানৰ ফলত ৰাজ্যৰ অৰ্থনীতি বেয়াকৈ ক্ষতি হয় । সেয়েহে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যা বিজ্ঞানসম্মতভাৱে সমাধান কৰাৰ বাবে দাবী জনাই আহিছে । কিন্তু ৰাজ্যবাসীৰ এই দাবী এতিয়া অৰণ্যৰোদন হৈ পৰিছে । আনকি কেন্দ্ৰীয় চৰকাৰে বানৰ বাবে অসমক প্ৰদান কৰিবলগীয়া ধনৰাশিও প্ৰদান কৰিব নে নকৰে সেয়াও বৰ্তমান গভীৰ অনিশ্চয়তাৰ মাজত ।

লগতে পঢ়ক :Paddy procurement process in Assam : ২০৯ টা লক্ষ্যৰ বিপৰীতে ৰাজ্যত সক্রিয় ধান ক্রয় কেন্দ্ৰ মাত্ৰ ৬৩ টা

ABOUT THE AUTHOR

...view details