অসম

assam

ETV Bharat / state

আজি বিশ্ব আদ্ৰভূমি দিৱস, দ্বীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাত ক্ষুব্ধ প্ৰকৃতি প্ৰেমী

বিশ্ব আদ্ৰভূমিৰ লগত সংগতি ৰাখি পশু চিকিৎসালয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত বনবিভাগৰ কৰ্মশালা

By

Published : Feb 2, 2019, 10:53 PM IST

আজি বিশ্ব আদ্ৰভূমি দিৱস, দ্বীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাত ক্ষুব্ধ প্ৰকৃতি প্ৰেমী

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : আজি বিশ্ব আদ্ৰভূমি দিৱস । আদ্ৰভূমি ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ বিশ্ববাসীয়ে ২ ফেব্ৰুৱাৰীৰ দিনটো আদ্ৰভূমি দিৱস ৰূপে পালন কৰে । বিশ্ব আদ্ৰভূমি দিৱস উপলক্ষে মহানগৰীৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বনবিভাগৰ উদ্যোগত আয়োজন কৰা হয় এক কৰ্মশালাৰ । এইবাৰৰ আদ্ৰভূমি দিৱসৰ মূল থিম আছিল 'আদ্ৰভূমি আৰু জলবায়ু পৰিৱৰ্তন' । এইবাৰৰ থিমৰ লগতে সংগতি ৰাখি পশু চিকিৎসালয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত কৰ্মশালাত আদ্ৰভূমি সমূহে বিশ্ববাসীক কিদৰে ৰক্ষা কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰা হয় । কিন্তু বনবিভাগৰ এনেধৰণৰ কৰ্মশালাই কি প্ৰভাৱ পেলাইছে মহানগৰীৰ হাঁওফাও ৰূপে পৰিচিত দ্বীপৰ বিল বেদখল আৰু প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত !

আজি বিশ্ব আদ্ৰভূমি দিৱস, দ্বীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাত ক্ষুব্ধ প্ৰকৃতি প্ৰেমী

অসমত থকা প্ৰায় ৩৫০০ আদ্ৰভূমি সমূহৰ ভিতৰত অধিকাংশই এতিয়া সংকটৰ গৰাহত । ইয়াৰে এক অন্য়তম উদাহৰণ হ'ল দ্বীপৰ বিল । অসমৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ লগতে দ্বীপৰ বিললৈ প্ৰত্যেক বছৰে বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমন ঘটে । কাৰণ দ্বীপৰ বিল পৰিচিত বিভিন্ন উদ্ভিদ আৰু জীৱ জন্তুৰ বাসস্থান ৰূপে । দ্বীপৰ বিলক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ লগতে প্ৰকৃতি প্ৰেমী ৰাইজে দাবী জনাই আহিছে । কিন্তু চৰকাৰৰ হেমাহিতাৰ বাবে সকলো যেন এতিয়া ফটুকাৰ ফেন । দ্বীপৰ বিল সংক্ষৰণৰ ক্ষেত্ৰত চৰকাৰৰ এনে হেমাহিতাত এতিয়া ক্ষোভিত প্ৰকৃতি প্ৰেমী ।


ABOUT THE AUTHOR

...view details