অসম

assam

ETV Bharat / state

ন্যায়ালয়ে চিনাক্ত কৰা 70 হাজাৰ বিদেশী নোহোৱা হোৱা বিষয়টো অতি চিন্তনীয়ঃ উপমন্যু হাজৰিকা

এন আৰ চি সন্দৰ্ভত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক দিয়া তথ্যক লৈ সৰৱ প্ৰব্ৰজন বিৰোধী মঞ্চ । বিদেশী ন্যায়ধীকৰণত চিনাক্ত হোৱা ৭০ হাজাৰ বিদেশী নোহোৱা হোৱা বিষয়টো অতি চিন্তনীয় কাৰণ সেই 70 হাজাৰ কেৱল বিদেশী নহয় অপৰাধীওঃ উপমন্যু হাজৰিকা

ন্যায়ালয়ে চিনাক্ত কৰা 70 হাজাৰ বিদেশী নোহোৱা হোৱা বিষয়টো অতি চিন্তনীয়ঃ উপমন্যু হাজৰিকা

By

Published : Apr 2, 2019, 7:09 PM IST

গুৱাহাটী, 2 এপ্ৰিলঃ "চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেইখন চৰকাৰৰ দিনত বৃহৎ সংখ্যক বিদেশী অৰ্ন্তধানহোৱাটো নিসন্দেহে চিন্তনীয়"- মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই মন্তব্য গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ ৷

এন আৰ চি সন্দৰ্ভত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক দিয়া তথ্যক লৈ সৰৱ প্ৰব্ৰজন বিৰোধী মঞ্চ । সমাগত নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই সংবাদ মেলখনত কয় যে বিদেশী ন্যায়ধীকৰণত চিনাক্ত হোৱা ৭০ হাজাৰ বিদেশী নোহোৱা হোৱা বিষয়টো অতি চিন্তনীয় কাৰণ সেই 70 হাজাৰ কেৱল বিদেশী নহয় অপৰাধীও ৷

ন্যায়ালয়ে চিনাক্ত কৰা 70 হাজাৰ বিদেশী নোহোৱা হোৱা বিষয়টো অতি চিন্তনীয়ঃ উপমন্যু হাজৰিকা

"এন আৰ চিখন খিলঞ্জীয়াৰ অস্তিত্বৰ দলিল" বুলি মুখ্যমন্ত্ৰী সোণোৱালে কৰা মন্তব্যৰ পিচত হোৱা প্ৰতিক্ৰিয়াৰ ফলত পুনৰাই 'সকলোৱে সুবিধা পাব' বুলিও কৈছিল সোণোৱাল চৰকাৰে ৷ গতিকে এন আৰ চি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট নহয় বুলিও পৰোক্ষভাৱে মন্তব্য কৰে উপমন্যু হাজৰিকাই ৷

যিখন চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল সেইখন চৰকাৰৰ দিনত বৃহৎ সংখ্যক বিদেশী নাগৰিক অৰ্ন্তধান হোৱা কাৰ্যটো নিসন্দেহে চিন্তনীয় বুলিও মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ উক্ত সংবাদমেলত উপমন্যু হাজৰিকাই এখন নিৰ্বাচনী ইষ্টাহাৰ মুকলি কৰাৰ লগতে সংসদত অসমৰ সমস্যাসমূহ সজোৰে উপস্থাপন কৰিব বুলিও মন্তব্য কৰে ।


ABOUT THE AUTHOR

...view details