গুৱাহাটী, 31 মাৰ্চঃ মহানগৰীৰ কামাখ্যা গেটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী ছাত্ৰী ৷ পৰিয়ালৰ লোকে সন্দেহ কৰা মতে ভাড়া ঘৰৰ মালিকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে ছাত্ৰী গৰাকীক ।
মহানগৰীৰ কামাখ্যা গেটত ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা - ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা
কামাখ্যা গেটত চিপ লৈ থকা অৱস্থাত এগৰাকী ছাত্ৰী ৷ পৰিয়ালৰ লোকৰ সন্দেহ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ঘৰৰ মালিকৰ ।
![মহানগৰীৰ কামাখ্যা গেটত ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2861640-912-75aedbb8-efbc-4074-b050-9bd884688c94.jpg)
মহানগৰীৰ কামাখ্যা গেটত ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা
পৰিয়ালৰ লোকৰ ভাষ্য অনুষৰি বকুল দাসে বহুদিনৰ পৰায়ে পৰিয়ালটোৰ ওপৰত চলাই আছিল মানসিক নিৰ্যাতন। ছাত্ৰীগৰাকীৰ গাত স্পষ্ট হৈ আছে আঘাতৰ চিন। যাৰ বাবে সকলোৰে সন্দেহ এয়া এক হত্যাকাণ্ড।
মহানগৰীৰ কামাখ্যা গেটত ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা
ঘটনাস্থলীত ইতিমধ্যে জালুকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ। পৰিয়ালৰ লোকৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা ।