অসম

assam

ETV Bharat / state

অসমীয়া ছবি 'ৰদ হৈ আহা তুমি' ৰ গীত মুকলি

গুৱাহাটী প্ৰেছ ক্লাৱত ৰদ হৈ আহা তুমি'ৰ তিনিটাকৈ গীত উন্মোচন কৰে বিশিষ্ট সংগীত সংগীত পৰিচালক ৰমেন বৰুৱাই৷

অসমীয়া ছবি 'ৰদ হৈ আহা তুমি' ৰ গীত মুকলি

By

Published : Mar 16, 2019, 6:51 AM IST

গুৱাহাটী,15 মাৰ্চঃ গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে অসমীয়া ছবি 'ৰদ হৈ আহা তুমি'ৰ তিনিটাকৈ গীত উন্মোচন কৰে বিশিষ্ট সংগীত সংগীত পৰিচালক ৰমেন বৰুৱাই৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰমেন চৌধুৰী আৰু অভিনেতা ভগৱত প্ৰীতম ।

অসমীয়া ছবি 'ৰদ হৈ আহা তুমি' ৰ গীত মুকলি

নৱতম ছবি খনৰ গীত সমূহ ৰচনা কৰিছে নাট্যকাৰ ৰাজদ্বীপে । পৰান বৰকটকীয়ে পৰিচালনা কৰা গীত কেইটাত কন্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত আৰু পম্পী গগৈয়ে ।

অসমৰ আটাইকেইটা চিত্ৰ গৃহত মুক্তি পাবলগীয়া ছবিখনে অসমীয়া ছবিজগত এক নতুন ধাৰা আনিব বুলি আশাবাদী প্ৰযোজক মৌচুমী বৰদলৈ ।ছবিখনত অভিনয় কৰিছে মলয়া গোস্বামী, সিদ্ধান্ত কলিতা,পদ্মৰাগ গোস্বামীকে ধৰি বহু ন পুৰণি শিল্পীয়ে ।

ABOUT THE AUTHOR

...view details