অসম

assam

By

Published : May 3, 2019, 5:47 AM IST

ETV Bharat / state

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

উল্লেখ্য যে মাজতে সাংবাদিক আক্ৰমণৰ ঘটনা কমি আহিছিল যদিও বিজেপি চৰকাৰৰ শাসনত আকৌ সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা বাঢ়িবলৈ লৈছে বুলি মন্তব্য নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ কৰ্ম-কৰ্তাৰ

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

গুৱাহাটী, 3 মেঃ "পৰাগ দাসৰ আগৰ পৰাই আমি দেখি আহিছো অসমৰ যি সকল সাংবাদিকে শাসক পক্ষৰ কথা মানি কাম নকৰে তেনে সাংবাদিকসকলৰ ওপৰত আক্ৰমণৰ ঘটনা ঘটি আহিছে ‌" এই মন্তব্য মনজিৎ মহন্তৰ ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই সম্বোধন কৰা এখন সংবাদ মেলত এই মন্তব্য কৰে মনজিৎ মহন্তই৷ উক্ত সংবাদ মেলখনত সাংবাদিকক প্ৰহাৰ কৰা ঘটনাক লৈ ভিন্ন মন্তব্য দাঙি ধৰে হীৰেন গোহাঁই,মনজিৎ মহন্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে৷

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

আৰু পঢ়ক মাৰ্ঘেৰিটাত সাংবাদিকৰ প্ৰতিবাদ

সংবাদ মেলখনত কয় যে চৰকাৰৰ কাম কাজৰ সমালোচনা কৰা বাবে সাংবাদিকৰ ওপৰত এনেধৰণৰ আক্ৰমণ চলাই আহিছে৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব অথবা সৰ্বানন্দ সোনোৱাল দায়ী হব বুলি সংবাদ মেলত মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details