গুৱাহাটী, 1 এপ্ৰিলঃ নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। নিৰাপত্তাৰ ক্ষেত্ৰত উত্তৰ পূৱৰ আৰক্ষী শীৰ্ষ বিষয়াসকলৰ লগত যোগাযোগত আছে অসম আৰক্ষী। আনহাতে চ'ছিয়েল মিডিয়াটো তীক্ষ্ন নজৰ দিছে অসম আৰক্ষীয়ে। নিৰ্বাচন সন্দৰ্ভত সোমবাৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ সম্বোধন কৰি সংবাদিকক এই তথ্য প্ৰদান কৰে ।
নিৰ্বাচন সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল লোকসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে । নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্যৰ 90 টা নিৰাপত্তা কোম্পানীৰ উপৰিও বহিৰাজ্যৰ 30 টাকৈ কোম্পানীক নিয়োগ কৰা হৈছে। এন আৰ চিৰ বাবে নিয়োগ কৰা নিৰাপত্তাৰক্ষীক নিৰ্বাচনত দায়িত্ব দিয়া নহয়৷
ইয়াৰোপৰি ধুমুহা বৰষুণটো নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰা যানবাহন আৰক্ষীৰ কনিষ্টবল মিঠুন দাসক প্ৰশংসা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । অসমত মাওবাদী থকাৰ কোনো তথ্য অসম আৰক্ষীৰ হাতত নাই বুলি জনোৱা লগতে মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পি কে নাথৰ বিৰুদ্ধে থকা ধনদাবীৰ অভিযোগৰ তদন্তৰ দায়িত্ব মৰিগাঁও আৰক্ষী অধীক্ষকক দিয়াৰ কথাও জনাই এই সংবাদমেলত ।
উল্লেখযোগ্য যে ৰাজ্যত 24 হাজাৰতকৈও অধিক অনুজ্ঞাপত্ৰ থকা মাৰাণাস্ত্ৰৰ বৰ্তমান প্ৰায় 20 হাজাৰতকৈ অধিক মাৰাণাস্ত্ৰ প্ৰশাসনক জমা দিছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালে। ইয়াৰোপৰি বৰ্তমান ৰাজ্যত 6 হাজাৰতকৈ অধিক জামিনবিহীন গোচৰ থকাৰ বিপৰীতে 1400 তকৈ অধিক গোচৰ বিচৰাধীন থকাৰ কথা উল্লেখ কৰে৷