অসম

assam

ETV Bharat / state

মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিবলৈ পৌৰ নিগমৰ তৎপৰতা

বৰষুণৰ পাচত যাতে পুনৰ বানপানীৰ সৃষ্টি নহয় তাৰ বাবে গুৱাহাটী পৌৰ নিগমৰৰ কৰ্মচাৰীসকলে সোমবাৰে মহানগৰীৰ বিভিন্ন ঠাইত নলা-নৰ্দমা পৰিস্কাৰ কৰে ৷ কেৱল প্লাষ্টিকেৰে ভৰি থকা নলা সমূহে অতদিনে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক ৷

মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিবলৈ পৌৰ নিগমৰ তৎপৰতা

By

Published : May 27, 2019, 9:16 PM IST

গুৱাহাটী, 27 মেঃ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ অন্যতম কাৰণ "প্লাষ্টিক" ৷ সঘনাই নলাত পেলোৱা প্লাষ্টিকৰ বাবে ক্ৰমাৎ বন্ধ হৈ পৰিছে গুৱাহাটীৰ বহু নলা নাৰ্দমা, যাৰফলত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷

মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিবলৈ পৌৰ নিগমৰ তৎপৰতা

মহানগৰীত এজাক বৰষুণতে হোৱা কৃত্ৰিম বানপানীৰ বাবে তৎপৰ হৈ উঠিছে গুৱাহাটী পৌৰ নিগম ৷ বৰষুণৰ পাচত যাতে পুনৰ বানপানীৰ সৃষ্টি নহয় তাৰ বাবে গুৱাহাটী পৌৰ নিগমৰৰ কৰ্মচাৰীসকলে সোমবাৰে মহানগৰীৰ বিভিন্ন ঠাইত নলা-নৰ্দমা পৰিস্কাৰ কৰে ৷ কেৱল প্লাষ্টিকেৰে ভৰি থকা নলা সমূহে অতদিনে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক ৷

ABOUT THE AUTHOR

...view details