গুৱাহাটী, 9 এপ্ৰিলঃ "বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ওলোটা খৰ মাৰিছে"-এই মন্তব্য পলাশ চাংমাইৰ ৷ সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত কেব পুনৰ আনিম বুলি কোৱা প্ৰসংগত ৭০ সংগঠনে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে সংবাদ মেলত কয় যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ওলোটা খৰ মাৰিছে কিয়নো ইস্তাহাৰখনত কোনো ধৰণৰ দাবীক গুৰুত্ব দিয়া হোৱা নাই ৷
"বিজেপিক ভোট দিয়া মানেই জাতীয়তাবাদৰ পৰা স্খলিত হোৱা"-অখিল গগৈ
বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত কেব পুনৰ আনিম বুলি কোৱাৰ প্ৰসংগত ৭০টা সংগঠনৰ সংবাদমেল ৷ সংবাদ মেলত উপস্থিত পলাশ চাংমাই, কৃষক নেতা অখিল গগৈৰ লগতে বহু নেতা কৰ্মী ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা কোনোপধ্যেই মানি ল'ব নোৱাৰি সেয়ে বিজেপি আৰু মিত্ৰজোঁটৰ বিপক্ষে অসমৰ ৰাইজক ভোটদানৰ কৰাৰ বাবে আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে ৷ সংবাদ মেলখনত অসম আন্দোলনৰ সময়ৰ ৮৫৫ জন শ্বহীদকো স্মৰণ কৰাৰ লগতে এই জাতীয় জীৱনৰ সন্ধিক্ষণত ৰাইজে দায়িত্ব লৈ উপযুক্ত দলক ভোটাধিকাৰ সাব্যস্ত কৰি অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে ৷ আনহাতে,উক্ত সংবাদমেলত ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে ।