অসম

assam

ETV Bharat / state

খোৱাপানীৰ নামত বৰবিহঃ বন্ধ বটলৰ ভিতৰত পোক

মানুহৰ জীৱনকলৈ হেতালি একাংশ পানীৰ কোম্পানীৰ ৷ মিনাৰেল ৱাটাৰৰ কোম্পানীয়ে বিশুদ্ধ খোৱাপানীৰ নামত বিক্ৰী কৰি আছে অস্বাস্থ্যকৰ পানী ৷ বিচলেৰীৰ পিচত এইবাৰ 'A1 INDIAN AQUA' মিনাৰেল ৱাটাৰৰ বটলত ওলাল পোক

By

Published : Apr 25, 2019, 8:05 PM IST

"A1 INDIAN AQUA" মিনাৰেল ৱাটাৰৰ বটলত পোক

গুৱাহাটী, 25 এপ্ৰিলঃ বিশুদ্ধ খোৱা পানীৰ নামত কি বিক্ৰী কৰে পানীৰ কোম্পানীসমূহে? বিচলেৰীৰ পিচত এইবাৰ A1 কোম্পানীৰ পানীৰ বটলত ওলাল পোক। বন্ধ পানীৰ বটলত পোক ওলোৱা ঘটনাই এতিয়া মিলাৰেল ৱাটাৰৰ বিশুদ্ধতাৰ ওপৰত তুলিছে প্ৰশ্ন!

আৰু পঢ়ক অসমত "বিয়েৰ গ্ৰীলচ"

বটলটো লক্ষ্য কৰিলেই গম পোৱা যাব একাংশ পানীৰ কোম্পানীয়ে কিদৰে বিশুদ্ধ খোৱাপানীৰ নামত বিক্ৰী কৰি আছে অস্বাস্থ্যকৰ পানী। ৰাইজৰ স্বাস্থ্যৰ প্ৰতি মুঠেও গুৰুত্ব প্ৰদান নকৰি পেকেটিং কৰা হয় মিনাৰেল ৱাটাৰ । বৃহস্পতিবাৰে মকবুল নামৰ এগৰাকী ব্যক্তিয়ে ক্ৰয় কৰিছিল 1 লিটাৰৰ 'A1 INDIAN AQUA' নামৰ মিনাৰেল ৱাটাৰৰ পানীৰ বটল। বটলটোত খুলিব লওঁতেই প্ৰত্যক্ষ কৰে বটলটোৰ ভিতৰত আছে দুটাকৈ পোক।

"A1 INDIAN AQUA" মিনাৰেল ৱাটাৰৰ বটলত পোক

এই ঘটনাক কেন্দ্ৰ কৰি সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেদৰেই একাংশ কোম্পানীয়ে নিজৰ লাভালাভৰ বাবে পৰীক্ষা বিহীনভাৱেই বজাৰত বিক্ৰী কৰি আছে পানী।

ABOUT THE AUTHOR

...view details