অসম

assam

ETV Bharat / state

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ - শিৱসাগৰ আৰক্ষী

বিপদে লগ এৰা নাই কৃষক নেতা অখিল গগৈক ৷ নিয়াৰ গোচৰত জামিন লাভ কৰাৰ পিচতে পুনৰ শিৱসাগৰ আৰক্ষীৰ আন এক গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীৰ এটা দলে ৷

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ
অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ

By

Published : Mar 19, 2020, 10:57 AM IST

Updated : Mar 19, 2020, 11:48 AM IST

গুৱাহাটী, 19 মাৰ্চঃ19 মাৰ্চৰ পুৱা ৫-৩০বজাত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়ে। জাইল' আৰু বলেৰ গাড়ীৰে অহা শিৱসাগৰ আৰক্ষীৰ দল এটাই কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লোৱাৰ বাবে তিনিদিন পূৰ্বৰে পৰা গুৱাহাটীত বাহৰ পাতি আছিল ।

বৃহস্পতিবাৰে পুৱতি নিশাই কৃষক নেতা অখিল গগৈক শিৱসাগৰ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পিছত পুৱা ৫.৩০-০০ বজাৰ ভিতৰতে সংগোপনে শিৱসাগৰলৈ লৈ যায়। উল্লখ্যে যে,নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্দোলনৰ নেতৃত্ব দিয়াৰ সমান্তৰালভাৱে দেশদ্ৰোহী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত নিয়াই গ্ৰেপ্তাৰ কৰিছিল কৃৃষক নেতা অখিল গগৈক ৷

লগতে চাওকঃ

আজিকোপতি প্ৰাক্তন সেনাই নাপালে নিজৰ নামত আবন্টিত ভূমি

Last Updated : Mar 19, 2020, 11:48 AM IST

ABOUT THE AUTHOR

...view details