এজাক বৰষুণ আৰু মহানগৰীত পুনৰ কৃত্ৰিম বানপানী
দেওবাৰে পুৱা অহা এজাক বৰষুণৰ ফলত বুৰ গ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ।
FLOOD
গুৱাহাটী, 7 এপ্ৰিলঃ কৃত্ৰিম বানপানীৰ ফলত বুৰ গ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । দেওবাৰে পুৱা অহা এজাক বৰষুণৰ ফলত বুৰ গ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । দৰাচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নলা নৰ্দমা সমূহ চাফা নকৰাৰ বাবেই বাৰে বাৰে এই সমস্যাৰ সন্মুখীন হয় মহানগৰবাসী । মহানগৰীৰ খানাপাৰা আৰু নমাইল অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানীৰ ফলত পথেদি চলাচল কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হয় মহানগৰবাসী ৷