গুৱাহাটী, 9 এপ্ৰিলঃ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা একাংশ প্ৰাৰ্থীৰ জ্ঞানে চকু কপালত তুলিছে । এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে । প্ৰতিবন্ধী সুৰক্ষা সংস্থাই সোমবাৰে তেওঁলোকৰ সমস্যা সন্দৰ্ভত অৱগত কৰিবৰ বাবে গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক সাক্ষাৎ কৰে । কিন্তু তেওঁলোকৰ অভিযোগ অনুসৰি কুইজ ওজাই প্ৰতিবন্ধী শব্দৰ অৰ্থই বুজি নাপালে। এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰে সংস্থাটোৱে ।
প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ ভোট বৰ্জনৰ হুংকাৰ
প্ৰতিবন্ধী সুৰক্ষা সংস্থাই সোমবাৰে তেওঁলোকৰ সমস্যা সন্দৰ্ভত অৱগত কৰিবৰ বাবে গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক সাক্ষাৎ কৰে । কিন্তু তেওঁলোকৰ অভিযোগ অনুসৰি কুইজ ওজাই প্ৰতিবন্ধী শব্দৰ অৰ্থই বুজি নাপালে
প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ ভোট বৰ্জন হুংকাৰ
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি প্ৰাৰ্থী গৰাকীৰ এনে কাৰ্যক সমালোচনা কৰাৰ লগতে সংবাদমেলত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যসকলে কয় যে কোনো এটা ৰাজনৈতিক দলেই প্ৰতিবন্ধী সকলৰ সমস্যাৰ বিষয়ে ইস্তাহাৰত গুৰুত্ব নিদিলে ।গতিকে আগন্তুক নিৰ্বাচনত এইসকল প্ৰাৰ্থীক ভোট নিদিয়াৰ সিদ্ধান্ত লয় সংস্থাই ।পৰৱৰ্তী সময়ত তেওঁলোকৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়া প্ৰাৰ্থীক হে ভোট দিব বুলি সংবাদমেলত সদৰী কৰে ।