মহানগৰীত আৰক্ষীৰ তালাচী
নিৰ্বাচনৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীৰ এই অভিযান। তাৰোপৰি কোনোৱে যাতে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিব নোৱাৰে তাৰ ওপৰতো তীক্ষ্ন নজৰ দিয়াৰ লগতে নিয়মীয়াকৈ এই অভিযান চলিব বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।
লোকসভা নিৰ্বাচনক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন
গুৱাহাটী, 4 এপ্ৰিলঃ মহানগৰীৰ বিভিন্ন স্থানৰ লগতে যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে চলিল আৰক্ষীৰ অভিযান। ৰাষ্ট্ৰীয় ঘাইপথটোৰে অহা প্ৰতিখন বাহন তন্ন তন্নকৈ তালাচী চলালে যোৰাবাট আৰক্ষীয়ে।