গুৱাহাটী, 27 মেঃ ড্ৰাগছৰ ক'লা বেহাত এইবাৰ জড়িত হৈ পৰিছে অসমীয়া চলচিত্ৰৰ অভিনেতা। লতাশিল আৰক্ষীৰ জালত হিয়া দিয়া নিয়াৰ ছবিৰ অভিনেতাসহ পাঁচজন ড্ৰাগছ ব্যৱসায়ী । সোমবাৰে গুৱাহাটীৰ উজান বজাৰ চাৰিআলিৰ সিদ্ধাৰ্থ এপাটৰ্মেন্টত আৰক্ষীয়ে চলোৱা অভিযানত হাতে লোতে ধৰা পৰে অভিনেতা নিৰেন শৰ্মাসহ আন চাৰি ড্ৰাগছ ব্যৱসায়ী। আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইটাৰ নাম হৈছে হিমাংশু হাজৰিকা, সিদ্ধাৰ্থ মেধী, মহেন্দ্ৰ নাথ আৰু ইব্ৰাহীম আলী।
লতাশিল আৰক্ষীৰ জালত অভিনেতাসহ চাৰি ড্ৰাগছ ব্যৱসায়ী - উজান বজাৰ
আৰক্ষীৰ জালত পৰা অভিনেতাৰ ৰাইজলৈ আহ্বান মাৰাত্মক ড্ৰাগছ সেৱন নকৰিব ৷ হিয়া দিয়া নিয়া, যৌৱনে আমনি কৰে আদি ছবিত অভিনয় কৰা নিৰেন শৰ্মাৰ বাসগৃহতে নিতৌ হয় ড্ৰাগছ, গাঞ্জাৰ আড্ডা ৷

প্ৰাপ্ত তথ্য অনুসৰি হিয়া দিয়া নিয়া, যৌৱনে আমনি কৰে আদি ছবিত অভিনয় কৰা নিৰেন শৰ্মাৰ বাসগৃহতে নিতৌ হয় ড্ৰাগছ, গাঞ্জাৰ আড্ডা। এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে লতাশিল আৰক্ষীয়ে বাসগৃহটোত অভিযান চলাই আটক কৰে আটাই কেজনকে। ইফালে ধৃত একালৰ অভিনেতা তথা বৰ্তমান মাৰাত্মক ড্ৰাগছ বিক্ৰীৰ লগত নাম সাঙুৰ খোৱা নিৰেন শৰ্মাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ১১টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ,২৯ খালী কন্টেনাৰ,৮টা মোবাইল,দুটা চিলিমৰ লগতে নগদ ধন জব্দ কৰে। আনহাতে আৰক্ষী জালত পৰা অভিনেতাজনৰ ৰাইজলৈ আহ্বান মাৰাত্মক ড্ৰাগছ সেৱন নকৰিবলৈ সকলোকে অনুৰোধ জনাই অভিনেতা নিৰেন শৰ্মাই।